NORTHEAST NOW (Assamese)
অসম

বৰ্ষাপাৰাত টছৰ পাছতেই বৰষুণ; স্থগিত ভাৰত-শ্ৰীলংকাৰ টি-২০ মেচ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 5, 2020 7:56 pm
Capture

আজি গুৱাহাটীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচত বিধি-পথালিৰ সৃষ্টি কৰিছে বৰষুণে।

৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনত ভাৰতে প্ৰথমে টছত জয়ী হৈ আলহী দল শ্ৰীলংকাক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু মেচ আৰম্ভ হোৱাৰ ঠিক আগে আগে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে সম্প্ৰতি স্থগিত ৰাগিবলগীয়া হৈছে মেচখন।

উল্লেখ্য যে পুৱাৰে পৰা গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ আছিল আৰু বতৰ বিশেষজ্ঞসকলে মেচৰ সময়ত গুৱাহাটীত বৰষুণ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছিল।

ইফালে বহু প্ৰত্যাশিত মেচখন আৰম্ভ নোহোৱাতেই বৰষুণে ব্যাঘাত জন্মোৱাত এতিয়া হতাশ হৈ পৰিছে অধীৰ আগ্ৰহেৰে ষ্টেডিয়ামত ৰৈ থকা হাজাৰ-হাজাৰ দৰ্শক।

আজিৰ মেচখনত বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলত দীৰ্ঘদিনৰ বিৰতিৰ মূৰত বাওঁহতীয়া অপেনাৰ শিখৰ ধাৱান আৰু ডেথ স্পেচিয়েলিষ্ট বলাৰ যশপ্ৰীত বুমৰাহক প্লেয়িং ইলেভেনত অন্তৰ্ভুক্ত কৰা হৈছিল।

উল্লেখ্য যে, সুদীৰ্ঘ ২২ মাহৰ অন্তত কোনো আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত মুখামুখি হ’ব ভাৰত আৰু শ্ৰীলংকা। এই পৰ্যন্ত দুয়োটা দলে ১৬খন টি-২০ মেচত অৱতীৰ্ণ হৈছে আৰু ইয়াৰে ১১ খনত ভাৰত আৰু পাঁচখন মেচত শ্ৰীলংকা দলে জয়লাভ কৰিছে।