NORTHEAST NOW (Assamese)

অসমৰ পৰস্থিতি ভয়ানক; বাতিল হ’ব পাৰে ভাৰত-শ্ৰীলংকাৰ টি-২০ মেচ

December 15, 2019 8:21 pm · এন ই নাও নিউজ
বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ ফাইল ফটো

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত চলি থকা তীব্ৰ আন্দোলনৰ ফলস্বৰূপত অহা ৫ জানুৱাৰিত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব লগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচখনক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ।

নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হোৱাক লৈ ৰাজ্যত সৃষ্টি হোৱা অগ্নিগৰ্ভ পৰিস্থিতিৰ বাবেই ইতিমধ্যে গুৱাহাটীত হ’ব লগীয়া আই এছ এলৰ মেচ, ৰঞ্জি মেচ আৰু কোচবিহাৰ ট্ৰফীৰ কেইবাখনো মেচ সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে।

অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বি চি চি আইয়ে গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থা সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি এক সূত্ৰই প্ৰকাশ কৰে। সূত্ৰটোৱে আৰু কয় যে মেচখনলৈ এতিয়াও মাজত তিনিটা সপ্তাহ আছে সেয়ে গুৱাহাটীৰ বিকল্প হিচাপে এতিয়াও চিন্তা-চৰ্চা কৰা নাই।

নিৰাপত্তাজনিত কাৰণত ভাৰত-শ্ৰীলংকাৰ মেচখন বাতিল হোৱাৰ সম্ভাৱনাই দেখা দিয়াৰ সময়তে অসম ক্ৰিকেট সন্থা চমুকৈ এ চি এৰ উপ-সভাপতি পৰীক্ষিত দত্তই কয় যে গুৱাহাটীত মেচখন হয় নে নহয় তাক লৈ আমি এতিয়াই একো মন্তব্য কৰিব নোৱাৰো।

তেওঁ লগতে অসম আৰক্ষী আৰু গৃহ বিভাগে গুৱাহাটীৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সেই কাৰণে আমি মন্তব্য কৰাৰ পূৰ্বে কিছুদিন অপেক্ষা কৰিব লাগিব। তদুপৰি তেওঁ মেচখন গুৱহাটীতে অনুষ্ঠিত হ’ব বুলি এতিয়াও আশা প্ৰকাশ কৰি আছে।

Related News