NORTHEAST NOW (Assamese)
অসম

মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্য্যবাহী পৰিষদলৈ নিৰ্বাচিত ভাৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 19, 2020 9:20 pm

বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্য্যবাহী পৰিষদলৈ মঙলবাৰে ভাৰত নিৰ্বাচিত হৈছে।

ভাৰতৰ উপৰিও আন ৯ খন দেশ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্য্যবাহী পৰিষদলৈ নিৰ্বাচিত হয়।

ভাৰতৰ উপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্য্যবাহী পৰিষদলৈ নিৰ্বাচিত হোৱা আন আন দেশ কেইখন হৈছে ক্ৰমে-বোটছৱানা, ক’লম্বিয়া, ঘানা, গুৱেনিয়া, বিচাউ, মাদাগাস্কাৰ, ওমান, ৰিপাব্লিক অব কোৰিয়া, ৰুছিয়া আৰু য়ুনাইটেড কিংডম।

বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্য্যবাহী পৰিষদৰ মুখ্য কাম হৈছে স্বাস্থ্য সচিৱালয়ৰ সিদ্ধান্ত আৰু নীতি নিৰ্ধাৰণ সন্দৰ্ভত সহযোগিতা আৰু পৰামৰ্শ আগবঢ়োৱা।

উল্লেখযোগ্য যে, কোভিড-১৯ নিয়ন্ত্ৰণক লৈ বিশ্ব স্বাস্থ্য সংস্থা বহু সমালোচনাৰ সন্মুখিন হ’বলগীয়া হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাৰ অংশ হৈ থাকিব নে নাথাকে সেই সম্পৰ্কত পুনৰ বিবেচনা কৰাৰ সময় আহি পৰিছে বুলিও উল্লেখ কৰিছিল।

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই মন্তব্যৰ পাছতে আমেৰিকাৰ বন্ধু ৰাষ্ট্ৰ য়ুনাইটেড কিংডমে বিশ্ব স্বাস্থ্য সংস্থাৰ পক্ষগ্ৰহণ কৰি এই সময়ছোৱাত ইজনে সিজনলৈ দোষ ঠেলি দিয়াত কৈ সহযোগিতা বৃদ্ধি কৰাৰ হে সময় বুলি উল্লেখ কৰে।