NORTHEAST NOW (Assamese)

বিশ্বকাপৰ পৰাজয়ৰ প্ৰতিশোধ; নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টি-২০ত বিধ্বংসী বিজয় ভাৰতৰ

January 24, 2020 4:43 pm · এন ই নাও নিউজ
টীম ইণ্ডিয়া

বিগত বৰ্ষত বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈ ভাৰতৰ বিশ্বকাপ জয়ৰ স্বপ্ন নিৰ্বাপিত হৈছিল।

আজি নিউজিলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ডৰ ঘৰৰ মাটিতে প্ৰথমখন টি-২০ খেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে বিশ্বকাপ জয়ৰ মধুৰ প্ৰতিশোধ পুৰণ কৰে।

এই বিজয়েৰে ভাৰতে পাঁচখন খেলৰ টি-২০ শৃংখলাটোত ১-০ অগ্ৰগতি লাভ কৰে।

ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে টছত জয়ী হৈ নিউজিলেণ্ডক প্ৰথমে বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়।

নিউজিলেণ্ডে অপেনাৰ কলিন মুনৰো, অধিনায়ক কেন উইলিয়ামছন আৰু ৰ’জ টেইলৰৰ অধৰ্শতৰাণেৰে নিৰ্ধাৰিত ২০ অভাৰত বিশাল ২০৩ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ হৈ বলিঙত জাচপ্ৰীত বুমৰাহ, চাৰ্দুল ঠাকুৰ, যুবেন্দ্ৰ চহল, শিবম ডুবে আৰু ৰবিন্দ্ৰ জাদেজাই এটাকৈ উইকেট দখল কৰে।

আনহাতে, ২০৪ ৰানৰ বিজয়ৰ লক্ষ্য আগত ৰাখি ভাৰতে লোকেশ ৰাহুল আৰু শ্ৰেয়াছ আয়াৰৰ বিধ্বংসী অৰ্ধশতৰাণৰ সহায়েৰে এক অভাৰ বাকী থকা অৱস্থাতে বিজয় লক্ষ্যত উপস্থিত আছে।

ৰাহুলে মাত্ৰ ২৭ টা বলত ৫৬ ৰান আৰু শ্ৰেয়াছ আয়াৰে ২৯ টা বলত ৫৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক বিৰাট কোহলীয়ে ৩২ টা বলত ৪৫ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে।

নিউজিলেণ্ডৰ হৈ বলিঙত ইশ সোধীয়ে ২ টা, ব্লায়াৰ টিকনাৰ আৰু চাণ্টনিৰে এটাকৈ উইকেট দখল কৰে।

Related News