NORTHEAST NOW (Assamese)
ক্ৰীড়া

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 19, 2025 2:46 pm

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাই ৰাজনৈতিক, অৰ্থনীতিৰ লগতে ক্ৰীড়াক্ষেত্ৰতো প্ৰভাৱিত কৰিছে। প্ৰাপ্ত খাবৰ  অনুসৰি, বিচিচিআই এছিয়া কাপ ২০২৫ৰ পৰা আঁতৰি যোৱাৰ কথা বিবেচনা কৰিছে। এছিয়ান ক্ৰিকেট কাউন্সিলৰ (এচিচি) সভাপতি হিচাপে পাকিস্তানৰ মন্ত্ৰী মহছিন নকৱীৰ দায়িত্ব প্ৰদান কৰাৰ পিছতে ভাৰতে প্ৰতিযোগিতা প্ৰত্যাহাৰ সিদ্ধান্ত গ্ৰহণৰ দিশে আগবাঢ়িছে বুলি জানিব পৰা গৈছে। বিচিচিআইৰ এগৰাকী  বিষয়াই পাকিস্তানৰ মন্ত্ৰীৰ নেতৃত্বত আয়োজিত কোনো প্ৰতিযোগিতাত ভাৰতীয় দলৰ অংশগ্ৰহণ সম্ভৱ নহয় বুলি মত প্ৰকাশ কৰিছে।

সম্প্রতি সীমান্তত চলি থকা সংঘৰ্ষ আৰু পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ প্ৰতি তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত ভাৰত কোনো প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সাজু নহয় বুলি বিচিচিআইয়ে স্পষ্ট কৰিছে। বিচিচিআইৰ বিষয়াই কয়, এয়া কেৱল ক্ৰিকেটৰ বিষয় নহয়, ই সমগ্ৰ দেশৰ আৱেগৰ প্ৰশ্ন। আমি এছিয়ান ক্ৰিকেট কাউন্সিলক এই বিষয়ে মৌখিকভাৱে অৱগত কৰিছে বুলি সদৰী কৰিছে।

উল্লেখযোগ্য যে, পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ বহু আগতেই ভাৰতে আইচিচিৰ টুৰ্ণামেণ্টত অংশগ্ৰহণৰ ক্ষেত্ৰতো বিচিচিআইয়ে পাকিস্তানৰ ওপৰত কঠোৰ চৰ্ত জাপি দিছিল। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা চেম্পিয়নছ ট্ৰফী ইয়াৰ উল্লেখযোগ্য উদাহৰণ।

বিচিচিআইয়ে কেৱল পুৰুষৰ এছিয়া কাপৰ পৰাই নহয়, মহিলা এছিয়া কাপও প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা ব্যক্ত কাৰিছে। এগৰাকী বিষয়াই জনোৱা মতে, এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে অহৰহ আলোচনা চলি আছে, আৰু ভৱিষ্যতৰ পদক্ষেপৰ বিষয়েও সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে জয় শ্বাহে এচিচিৰ সভাপতিৰ পদ এৰি আইচিচিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত নকৱীয়ে এই দায়িত্ব লাভ কৰিছিল। বিচিচিআইৰ স্পষ্টভাবে জনাইছে যে পাকিস্তানৰ মন্ত্ৰীৰ নেতৃত্বত আয়োজিত কোনো প্ৰতিযোগিতাত ভাৰত অংশগ্ৰহণ নকৰে।

এই পৰিস্থিতিত এছিয়া কাপৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে। ভাৰতৰ অংশগ্ৰহণ অবিহনে প্ৰতিযোগিতাৰ আকৰ্ষণ আৰু আৰ্থিক স্থিতি দুৰ্বল হোৱাৰ সম্ভাৱনাই এচিচিৰ বাবে নতুন চিন্তাৰ বিষয় হৈ পৰিছে।