এছিয়ান গেইমছৰ ৰূপৰ পদক স্বৰ্ণলৈ উন্নীত ভাৰতীয় মিক্সড ৰীলে দলৰ

ক’ৰ’না মহামাৰীৰ ময়তে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰলৈ আহিছে এটা ভাল খবৰ। ২০১৮ এছিয়ান গেইমছত ভাৰতীয় ৪x৪০০ মিটাৰ মিক্সড ৰীলে দলে পোৱা ৰূপৰ পদক স্বৰ্ণলৈ উন্নীত হৈছে৷
পূর্বৰ বিজয়ী বাহৰেইনৰ এগৰাকী দৌৰবিদ ড’পিঙৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হোৱাত দ্বিতীয় স্থানত থকা ভাৰতে চেম্পিয়নৰ সন্মান লাভ কৰে৷
৪x৪০০ মিটাৰ মিক্সড ৰীলেৰ ফাইনেলত প্রথম স্থানত থকা বাহৰেইনৰ কেমী এডেকুৱাই ডপ পৰীক্ষাত ব্যর্থ হোৱাৰ পাছত এথলেটিকছ ইনটিগ্রিটি য়ুনিটে (এ আই ইউ) খেলুৱৈগৰাকীক ৪ বছৰলৈ নিষিদ্ধ ঘোষিত কৰে৷
মহম্মদ আনাছ, এম আৰ পোভাম্মা, হিমা দাস আৰু আৰোকিয়া ৰাজীৱৰে গঠিত ভাৰতীয় দলটোৱে ৩ঃ১৫ঃ৭১ ছেকেণ্ড সময়মানেৰে বাহৰেইনৰ (৩ঃ১১ঃ৮৯) পাছত থাকি ৰূপৰ পদক পাইছিল৷
ইয়াৰ উপৰি মহিলাৰ ৪০০ মিটাৰ হার্ডলছত চতুর্থ স্থানত ৰোৱা অনু ৰামবনে ব্রঞ্জৰ পদক লাভ কৰে৷ বাহৰেইনৰ এডেকুৱাই খিতাপ জয় কৰিছিল যদিও এ আই য়ুয়ে সেই পদক নাকচ কৰাত অনুৱে তৃতীয় স্থান পায়৷