NORTHEAST NOW (Assamese)
অসম

নলবাৰীত খেতিপথাৰত ভাৰতীয় বায়ু সেনা বাহিনীৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 29, 2019 5:12 pm
IAF Helicopter

নলবাৰী জিলাৰ চৰাবড়ীত মঙলবাৰে ৰাতিপুৱা যান্ত্ৰিক বিজুতিৰ বাবে ভাৰতীয় বায়ু সেনাবাহিনীৰ এখন হেলিকপ্টাৰে জৰুৰীকালীনভাৱে অৱতৰণ কৰে।

হেলিকপ্টাৰখনৰ ইঞ্জিনৰ বিসংগতি ধৰা পৰা বাবেই জৰুৰীভাৱে পাইলটে খেতিপথাৰতে হেলিকপ্টাৰখন অৱতৰণ কৰায়।

ভাৰতীয় বায়ু সেনাবাহিনীৰ হেলিকপ্টাৰখনত পাইলটকে ধৰি মুঠ তিনিজন কৰ্মচাৰী আছিল।

আনহাতে, হেলিকপ্টাৰখন চৰাবড়ীৰ পথাৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় আৰু বায়ু সেনা বাহিনীৰ লোকসকলক সহায় সহযোগিতা আগবঢ়ায়।

‘‘আমি ৰাতিপুৱা ৯ মান বজাত ভাৰতীয় বায়ু সেনা বাহিনীৰ এখন হেলিকপ্টাৰ চৰাবড়ীত জৰুৰী অৱতৰণ কৰাৰ খবৰ লাভ কৰো। পৰৱৰ্তী সময়ত বায়ু সেনা বাহিনীৰ আৰু এখন হেলিকপ্টাৰ ঘটনাস্থলীত উপস্থিত হৈ যান্ত্ৰিক বিজুতি ঘটা হেলিকপ্টাৰখন মেৰামতি কৰাত সহায় কৰে আৰু দুয়োখন হেলিকপ্টাৰে কিছু সময় পাছত পুনৰ উৰা মাৰে,’’ ঘটনাস্থলীত উপস্থিত এগৰাকী আৰক্ষী বিষয়াই কয়।

হেলিকপ্টাৰখন খেতিপথাৰত অৱতৰণ কৰাৰ লগে লগে স্থানীয় ৰাইজে ঘটনাস্থলীত হেলিকপ্টাৰখন চোৱাৰ বাবে ভিৰ কৰে।

উল্লেখযোগ্য যে, ভাৰতীয় বায়ু সেনা বাহিনীত ব্যাৱহাৰ হৈ থকা এটা ইঞ্জিনযুক্ত হেলিকপ্টাৰসমূহ যান্ত্ৰিক বিজুতিৰ বাবে সঘনে দুৰ্ঘটনাৰ সন্মুখিন হৈ আহিছে।