NORTHEAST NOW (Assamese)
Popular Stories

ক’ত পলাই সাৰিব শত্ৰু? ভাৰতক সুৰক্ষা দিবলৈ আহিছে ‘ভাৰত’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2020 6:59 pm
Bharat

বহু সংকটপূৰ্ণ সময়ৰ মাজেৰে পাৰ হৈছে ভাৰতৰ দিন।  এপিনে ক’ৰ’ণা ভাইৰাছৰ সংহাৰ, আন পিনে চীন,পাকিস্তান আদি দেশৰ আগ্ৰাসন। শত্ৰু পক্ষই কোন মূহুৰ্তত আক্ৰমণ চলায় তাৰ কোনো ঠিকনা নোহোৱা হৈ পৰিছে।

এনে মহা দুৰ্যোগৰ সময়তে ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ‘ভাৰত’।

হয়, ভাৰতক সহায় কৰিব ‘ভাৰতে’।

দৰাচলতে ‘ভাৰত’ হৈছে দেশৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানে সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তিৰে সাজি উলিওৱা এখন অতি শক্তিশালী ড্ৰোন।

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰ খনক অধিক শক্তিশালী কৰি এই ড্ৰোন তুলি দিয়া হৈছে ভাৰতীয় সেনাৰ হাতত।

চণ্ডীগড়ৰ এটা গৱেষণাগাৰত ডি আৰ ডি অ’ই প্ৰস্তুত কৰা ‘ভাৰত’ নামৰ ড্ৰোন বিধ ব্যৱহাৰ কৰা হ’ব চীনে যুদ্ধৰ দামামা বজোৱা লাডাখ সীমান্তত।

ডি আৰ ডি অ’ৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে বায়’মেট্ৰিক আৰ্হিৰে সাজি উলিওৱা ‘ভাৰত’ ড্ৰোনে নিশাৰ আন্ধাৰতো চিকাৰী পক্ষীৰ দৰে বিচৰণ কৰিব পাৰে।

আন্ধাৰতো ই নিখুঁত ছবি তুলিব পাৰে আৰু তৰিৎ গতিৰে সেয়া নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰিব পাৰে।বৰফেৰে ভৰা লাডাখৰ অত্যধিক শীতৰ মাজতো এই ড্ৰোনে সক্ৰিয়তাৰে কাম কৰি যাব আৰু হৈ থাকিব ভাৰতীয় সেনাৰ বিশ্বস্ত বন্ধু।