NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ চৰাঞ্চলত সেনা বাহিনীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস October 2, 2019 4:11 pm

দেশৰ অখণ্ডতাৰ কামত নিয়োজিত ভাৰতীয় সেনাই ৰাইজৰ সুবিধাৰ্থেও বহু কাম কৰি আহিছে। ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত আজি বৰপেটা জিলাৰ চৰাঞ্চলত এক বিশাল স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।

সেনা বাহিনীৰ সদ্ভাৱনা কাৰ্যসূচীৰ অংশ স্বৰূপে জিলাখনৰ বাহৰিৰ নিকটৱৰ্তী গোমাফুলবাৰী চিনিয়ৰ মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত এই শিবিৰত তাৰাবাৰী চৰ, বালাপাৰা চৰ, গোমা চৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী গাঁওবোৰৰ ৰাইজক চিকিৎসা প্ৰদান কৰা হয়।

এই শিবিৰত সেনা বাহিনীৰ মহিলা চিকিৎসককে ধৰি দন্ত চিকিৎসক আৰু বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসক সকলে চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ দৰৱ বিতৰণ কৰে।

ইয়াৰ উপৰি আজি অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত অঞ্চলটোৰ আগ্ৰহী যুৱক-যুৱতী সকলক ভাৰতীয় সেনাত যোগদানৰ বাবে  কাউন্সেলিং প্ৰদান কৰা হয়।