NORTHEAST NOW (Assamese)

ছুটী লৈ ঘৰলৈ আহিছিল, মণিপুৰত অপহৰণ কৰি হত্যা সেনা জোৱানক

September 18, 2023 7:52 am · এন ই নাও নিউজ, গুৱাহাটী

ছুটী লৈ ঘৰলৈ আহিছিল। আৰু সেইটোৱেই কাল হ’ল। প্ৰাণ হেৰুৱালে এগৰাকী সেনা জোৱানে। মণিপুৰত সংঘটিত হৈছে এই ঘটনা।

যোৱা কেইমাহমানৰ পৰা ৰাজ্যখন অবিৰতভাৱে অশান্ত হৈ আছে। ঘৰ-বাৰী জ্বলিছে, বহু লোকে প্ৰাণ হেৰুৱাইছে।

কিছুদিন পূৰ্বে মণিপুৰ আৰক্ষীয়ে এই তথ্য প্ৰকাশ কৰিছিল যে এতিয়াও কেইবাজনো লোক সন্ধানহীন হৈ আছে। চিকিৎসালয়ত পৰি আছে ৯৬টা দাবীহীন মৃতদেহ। তাৰ মাজতে ৰাজ্যত পুনৰ সৃষ্টি হ’ল অশান্তিৰ।

জানিব পৰা মতে, জোৱানৰ নাম থাংথাং কম। ৪১ বছৰীয়া থাংথাঙৰ পৰিয়ালত আছে পত্নী, পুত্ৰ আৰু কন্যা।

অভিযোগ শনিবাৰে পুৱা প্ৰায় ১০ বজাত তিনিজন অচিনাক্ত লোকে তেওঁৰ ১০ বছৰীয়া পুত্ৰৰ সন্মুখৰ পৰা অপহৰণ কৰে। তাৰপিছতে দেওবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সেনা জোৱানজনৰ মূৰত গুলী কৰা হৈছিল। জোৱানজনৰ ভাতৃয়ে মৃতদেহটো চিনাক্ত কৰে। তেওঁৰ মৃত্যুত ভাৰতীয় সেনাই থাংথাঙৰ পৰিয়ালৰ কাষত থকাৰ বাৰ্তা দিছে।

Related News