NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আনৰ ভুলৰ কৰুণ পৰিণতি! ৩মহীয়া নাতিসহ ভাৰতীয় দম্পতীৰ কানাডাত কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2024 4:25 pm
আনৰ ভুলৰ কৰুণ পৰিণতি! ৩মহীয়া নাতিসহ ভাৰতীয় দম্পতীৰ কানাডাত কৰুণ মৃত্যু

কানাডাত বাস কৰা এহাল ভাৰতীয় দম্পতী আৰু তেওঁলোকৰ ৩ মহীয়া নাতিৰ বাহনৰ সংঘৰ্ষৰ ফলত মৃত্যু হয়। অন্টাৰিঅ’ আৰক্ষীয়ে ভুল পথেৰে গাড়ী চলাই থকা সুৰাৰ দোকান ডকাইতিৰ সন্দেহযুক্ত লোকক খেদি যোৱাৰ সময়তে ভাৰতীয় পৰিয়ালটো যোৱা বাহনখনৰ সৈতে সংঘৰ্ষ সংঘটিত হয়।কানাডাত সংঘটিত হোৱা এই দুৰ্ঘটনাত ডকাইতিৰ সন্দেহযুক্ত লোকসহ চাৰিজন লোক নিহত হয়।

অন্টাৰিঅ’ৰ বিশেষ তদন্ত ইউনিটে জনোৱা মতে, ইয়াৰে দুজন মৃতক ৬০ বছৰীয়া পুৰুষ আৰু এগৰাকী ৫৫ বছৰীয়া মহিলা ভাৰতীয় আছিল।একেখন বাহনতে আছিল কেঁচুৱাটোৰ ৩৩ বছৰীয়া পিতৃ আৰু ২৭ বছৰীয়া মাতৃ। আজাক্সৰ বাসিন্দা পিতৃ-মাতৃ দুয়োকে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। এছ আই ইউয়ে জনোৱা মতে, মাতৃগৰাকীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে চিকিৎসা কৰা হয়।