NORTHEAST NOW (Assamese)
Popular Stories

অভিযন্তা দিৱস বিশেষ: অভিযন্তাৰ পৰা ক্ৰিকেটাৰ হোৱা কেইগৰাকীমান ভাৰতীয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 15, 2023 4:49 pm
Engineers Day

আজি অভিযন্তা দিৱস। ছাৰ মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ জন্ম তাৰিখ ১৫ ছেপ্টেম্বৰত দেশত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় অভিযন্তা দিৱস হিচাপে।

ভাৰতৰ লগতে আজিৰ দিনটোতে শ্ৰীলংকা আৰু তাঞ্জানিয়াতো প্ৰত্যেক বৰ্ষত অভিযন্তা দিৱস পালন কৰা হয়।

অভিযন্তা দিৱসৰ দিনটোতে অভিযন্তাৰ কেৰিয়াৰ বাদ দি ভাৰতীয় ক্ৰিকেট দলক আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিনিধিত্ব কৰা কেইগৰাকীমান ক্ৰিকেটাৰৰ বিষয়ে জানো আহক:

১/ ৰবিচন্দ্ৰন অশ্বিন

Why off-spinner R Ashwin could make a comeback for the 50-over World Cup |  Cricket News - The Indian Express

ভাৰতীয় টেষ্ট দলৰ বলিং লাইন আপৰ অন্যতম প্ৰধান মেৰুদণ্ড ৰবিচন্দ্ৰন অশ্বিনে ক্ৰিকেট জগতত খোজ নিদিয়া হ’লে অভিযন্তাকে পেছা হিচাপে হয়তো গ্ৰহণ কৰিলেহেঁতেন।

তাৰকা অফ স্পিনাৰগৰাকীয়ে চেন্নাইৰ এছএছএন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা তথ্য প্ৰযুক্তিত B.Tech ডিগ্ৰী লাভ কৰিছিল।

২)অনিল কুম্বলে

Anil Kumble to coach the National Indian Cricket team - Media India Group

কেৱল ভাৰতীয় ক্ৰিকেটৰে নহয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইতিহাসৰ অন্যতম সফল স্পিনাৰ অনিল কুম্বলে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক।

লেগ স্পিন বলাৰগৰাকীয়ে ১৯৯১-৯২ চনত বাংগালুৰুৰ ৰাষ্ট্ৰীয় বিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।

৩)জৱাগল শ্ৰীনাথ

Nothing Against Private Academies, But Cricket Should Not Be Sold, It Has  To Be Taught – Javagal Srinath

৯০ৰ দশকত ভাৰতৰ পেচ বলিং আক্ৰমণৰ প্ৰধান কাণ্ডাৰী জৱাগল শ্ৰীনাথে ইনষ্ট্ৰুমেণ্টেচন টেকন’লজিত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

মাইচৌৰৰ শ্ৰী জয়চমৰাজেন্দ্ৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা আভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল।

৪) ই এ এছ প্ৰসন্ন

Remembering Erapalli Prassana: A Pillar In Indias Greatest Ever Spin Troika

১৯৬২ চনৰ পৰা ১৯৭৮ চনলৈকে ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা স্পিন বলাৰগৰাকীয়ে মাইচৌৰৰ নেচনেল ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিঙৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল।

৫)শ্ৰীনিবাসৰাঘৱন ভেংকটাৰঘৱন

Celebrating Venkataraghavan, a man of many parts | Cricket News - Times of  India

ভাৰতৰ হৈ ৭২খন আন্তঃৰাষ্ট্ৰীয় মেচত অংশ লোৱা অফ স্পিন এছ ভেংকটাৰঘৱন চেন্নাইৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙ, গুইণ্ডিৰ পৰা অভিযান্ত্ৰিক স্নাতক।

৬) কৃষ্ণামচাৰী শ্ৰীকান্ত

Krishnamachari Srikkanth: Former Cricketer Kris Bio, Know about his Career,  family etc. He will soon be seen in tv show 'Smart Jodi'

১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য, একালৰ মাৰমুখী বেটাৰ কৃষ্ণামচাৰী শ্ৰীকান্ত ভাৰতৰ ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অ’পেনিং বেটাৰ।

শ্ৰীকান্তেও চেন্নাইৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙ, গুইণ্ডিৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

৭/ ভেংকটেশ প্ৰসাদ

Former Indian Cricket Star Venkatesh Prasad | #site_titleKrishnarao Prasad,  a former Indian cricketer, world of cricket, wickets successful, remarkable  performances,

১৯৯৪ চনত অভিষেক ঘটা ভেংকটেশ প্ৰসাদে নব্বৈৰ দশকত জৱাগল শ্ৰীনাথৰ সৈতে ভাৰতীয় পেচ আক্ৰমণক এক গতি প্ৰদান কৰিছিল।

সহযোগী শ্ৰীনাথৰ দৰেই প্ৰসাদো পেছাত এগৰাকী অভিযন্তা। তেওঁ বাংগালুৰুৰ ৰমাইয়া ইনষ্টিটিউট অৱ টেকন’লজি (MSRIT)ৰ পৰা আভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল।

৮/ বৰুণ চক্ৰৱৰ্তী

Varun Chakravarthy 'the main guy' in the India bowling attack - Suresh Raina

ভাৰতীয় ‘মিষ্ট্ৰী’ স্পিনাৰ বৰুণ চক্ৰৱৰ্তীও পেছাত এগৰাকী অভিযন্তা। জুনিয়ৰ ক্ৰিকেটত কেইবাবাৰো প্ৰত্যাখ্যান হোৱাৰ পিছত তেওঁ ক্ৰিকেট ত্যাগ কৰি চেন্নাইৰ এছ আৰ এম বিশ্ববিদ্যালয়ত স্থাপত্যত আভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰে।

পাঁচ বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত বৰুণে আৰ্কিটেক্ট হিচাপে কাম কৰিছিল যদিও পিছত পুনৰ কেৰিয়াৰৰ প্ৰথম পচন্দ ক্ৰিকেটলৈ ঘূৰি আহে।

Zaheer Khan On His 'Keenness' To Become India's Bowling Coach

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফল পেচাৰৰ অন্যতম তথা ২০১১ ৰ ক্ৰিকেট বিশ্বকাপত সৰ্বাধিক উইকেট দখলেৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা জাহিৰ খানেও মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল।

কিন্তু তেওঁৰ প্ৰশিক্ষক সুধীৰ নাইকৰ পৰামৰ্শ মানি তেওঁ ইঞ্জিনিয়াৰিং ত্যাগ কৰে আৰু পিছত ক্ৰিকেটতে সম্পূৰ্ণ ৰূপে মনোনিৱেশ কৰে।