NORTHEAST NOW (Assamese)
Popular Stories

ন্যায়াধীশ হোৱাৰ স্বপ্ন বাদ দি দ্বিতীয় কনিষ্ঠ সাংসদ; তাৰকা ক্ৰিকেটাৰ ৰিংকুৰ হ’বলগীয়া পত্নীক চিনি পায়নে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 2, 2025 10:53 am

তাৰকা ক্ৰিকেটাৰ ৰিংকু সিঙৰ বিয়া। তেওঁৰ বিয়াৰ খবৰ পোহৰলৈ অহাৰ পিছৰে পৰা ক্ৰিকেট জগতত তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে। ৰিংকু সিঙে কাক বিয়া কৰাব, কেনেকৈ পৰিচয় হ’ল তেওঁলোকৰ? ক্ৰিকেটপ্ৰেমীৰ মাজত এনে প্ৰশ্নৰ ওপৰত  চৰ্চা চলি আছে। এতিয়া চৰ্চালৈ আহিছে তাৰকা ক্ৰিকেটাৰগৰাকীৰ হ’বলগীয়া পত্নী প্ৰিয়া সৰোজৰ পৰিচয়।

ইতিমধ্যে গম পোৱা গৈছিল যে ৰিংকু সিঙৰ বিয়া খুব সোনকালে হ’ব। এইবাৰ কলকাতা নাইট ৰাইচাৰ্ছৰ আই পি এল অভিযানৰ সোনকালে অন্ত পৰিছে। ইয়াৰ মাজতে ৰিংকুৱে বিয়াখন পাতি পেলোৱাৰ কথা ভাবিছে।

জানিব পৰা মতে অহা ৮ জুনত প্ৰিয়া সৰোজৰ সৈতে তেওঁৰ এংগেজমেণ্ট হ’ব। ৰিংকু সিং আৰু প্ৰিয়াৰ এংগেজমেণ্ট লক্ষ্ণৌৰ এখন বিলাসী হোটেলত অনুষ্ঠিত হ’ব।

উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰোজ। জন্ম বাৰাণসীত। প্ৰিয়া ৰাজনৈতিক পৰিয়ালৰ কন্যা। তেওঁৰ পিতৃ টুফনী সৰোজে তিনিবাৰকৈ সমাজবাদী পাৰ্টিৰ সাংসদ হৈছে। কিন্তু ২০১৪ চনত লোকসভা নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল।

প্ৰথমতে প্ৰিয়া ৰাজনীতিৰ পৰা আঁতৰি আছিল। তেওঁ নতুন দিল্লীত স্কুলীয়া শিক্ষা সমাপ্ত কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত প্ৰেয়াই এমিটিত আইন অধ্যয়ন কৰিছিল।

প্ৰিয়াই প্ৰথমে আইনৰ কেৰিয়াৰ গঢ়িব বিচাৰিছিল। জনা যায় যে ক’ৰ’না কালত তেওঁ ন্যায়াধীশ হোৱাৰ প্ৰস্তুতি চলাইছিল। উচ্চতম ন্যায়ালয়ত উকীল হিচাপেও কিছুদিন প্ৰেকটিছ কৰিছিল। প্ৰিয়াই সমাজবাদী পাৰ্টিৰ হৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। মছলিশহৰ সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হৈ দ্বিতীয় কনিষ্ঠতম সাংসদ হিচাপে পৰিগণিত হয় প্ৰিয়া।

প্ৰিয়া-ৰিংকু সিঙৰ জৰিয়তে ৰাজনীতি আৰু ক্ৰিকেটৰ জগতখন পুনৰ এবাৰ সংযোগ হ’বলৈ গৈ আছে। জানিব পৰা মতে, এজন ক্ৰিকেটাৰৰ জৰিয়তে দুয়োৰে পৰিচয় হৈছিল। অৱশ্যে ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হ’লেও পৰিয়ালৰ সন্মতিলৈ অপেক্ষা কৰি আছিল। দুয়োটা পৰিয়ালৰ উপস্থিতিত বাগ্দান কৰিবলৈ ওলাইছে ৰিংকু-প্ৰিয়া।