NORTHEAST NOW (Assamese)
Popular Stories

সদ্যজাত যুৱকৰ বিশ্বজয়ত মুগ্ধ দেশবাসী! ডিং লিৰেনক পৰাস্ত কৰি বিশ্ব দবাৰ চেম্পিয়ন গুকেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 13, 2024 9:47 am

অৱশেষত ১৪ ৰাউণ্ডৰ ৰুদ্ধশ্বাস যুঁজখনৰ নিষ্পত্তি হ’ল। বিশ্বৰ দৰবাৰত ভাৰতৰ নাম উজ্জ্বল কৰি তুলিলে ১৮ বছৰীয়া সদ্যজাত যুৱকজনে। ভাৰতৰ ডোম্মাৰাজু গুকেশে চীনৰ ডিং লিৰেনক পৰাস্ত কৰি বিশ্ব দবা চেম্পিয়নশ্বিপত জয়লাভ কৰে।

গুকেশ হৈ পৰিল আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন। ভংগ হ’ল ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ গেৰী কাছপাৰভৰ অভিলেখ। ২২ বছৰ বয়সত তেওঁ বিশ্ব চেম্পিয়ন হৈছিল। তদুপৰি গুকেশ দবাত বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হোৱা দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে এই অভিলেখ কেৱল বিশ্বনাথন আনন্দৰ হাতত আছিল।

ত্ৰয়োদশ ৰাউণ্ডলৈকে খেলখনৰ ফলাফল সমান আছিল। শেষ মুহূৰ্তত হোৱা ভুলৰ বাবে খিতাপ হেৰুৱালে ডিং লিৰেনে। লিৰেনে আৰম্ভণিৰে পৰা আত্মবিশ্বাসেৰে খেলিছিল। দুয়োজন দবা খেলুৱৈয়ে আৰম্ভণিৰে পৰাই বুদ্ধিমত্তা দেখুৱাইছিল, সেয়ে কোনোজনেই কেতিয়াও আগবাঢ়িব পৰা নাছিল। শেষ মুহূৰ্তত সময়ৰ চাপৰ বাবে লিৰেনে ৪৯ সংখ্যক মুভত ভুল কৰে। সুযোগ এৰি নিদিলে গুকেশে।

অৱশেষত ৫০ সংখ্যক মুভত পিছত লিৰেনে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়। ইয়াৰ ফলত গুকেশে ১৮ বছৰ বয়সতে বিশ্বজয় কৰিলে। লগতে দবাত ই এক নতুন যুগৰ সৃষ্টি কৰিলে। এই ঐতিহাসিক জয়ত গুকেশে ছাৰ্গেই কাৰ্জাকিনৰ অভিলেখ ভংগ কৰি বিশ্বৰ আটাইতকৈ কম বয়সীয়া চেম্পিয়ন হিচাপে পৰিগণিত হয়।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গুকেশক অভিনন্দন জনায়। তেওঁ লিখিছে, ‘গুকেশক সৰ্বকনিষ্ঠ হিচাপে বিশ্ব দবা চেম্পিয়নশ্বিপ জয় কৰাৰ বাবে অভিনন্দন। তেওঁ ভাৰতক অতি গৌৰৱান্বিত কৰিলে। গুকেশৰ এই বিজয়ে ভাৰতক দবাৰ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে। প্ৰতিজন ভাৰতীয়ৰ হৈ ভৱিষ্যতে আপোনাৰ আৰু অধিক সফলতা কামনা কৰিলোঁ।’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই অভিলেখ গঢ়াৰ বাবে গুকেশক অভিনন্দন জনায়। তেওঁ লিখিছে, ‘গুকেশক এই স্মৰণীয় জয়ৰ বাবে অভিনন্দন। এই জয় মহান প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰ ফল। এই বিজয়ৰ ফলস্বৰূপে গুকেশে কেৱল দবাৰ ইতিহাসত নিজৰ নাম খোদিত কৰাই নহয়, লাখ লাখ যুৱক-যুৱতীক সপোন দেখিবলৈও শিকাইছে। ভৱিষ্যতৰ বাবে শুভেচ্ছা থাকিল।’