NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

জীৱ প্ৰেম: পোহনীয়া পেন্থাৰ আৰু জাগুৱাৰ অবিহনে ইউক্ৰেইন ত্যাগ কৰিবলৈ অস্বীকাৰ ভাৰতীয় চিকিৎসকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 8, 2022 12:20 pm
Indian doctor refuses to leave Ukraine

যুদ্ধবিধস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিক সকলৰ স্থানান্তৰৰ মাজতে ইউক্ৰেইনস্থিত এজন ভাৰতীয় চিকিৎসকৰ পশুপ্ৰেমে বাতৰিৰ শিৰোনাম দখল কৰিছে

নিজৰ পোহনীয়া পেন্থাৰ আৰু জাগুৱাৰ অবিহনে যুদ্ধবিধ্বস্ত ইউক্ৰেইন এৰিবলৈ অস্বীকাৰ কৰিছে ভাৰতীয় চিকিৎসকজনে।

গিৰিকুমাৰ পাটিল নামৰ চিকিৎসকজন ডনবাছ অঞ্চলৰ চেভেৰোডনেটস্কত বাস কৰে। যুদ্ধৰ বিভীষিকাই অঞ্চলটো নিৰাপত্তাহীন কৰি তুলিলেও পাটিলে তেওঁৰ পোহনীয়া জন্তুকেইটিক এৰি আহিবলৈ সন্মত নহয়।

দেশৰ আগশাৰীৰ সংবাদ সংস্থা দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে এক সাক্ষাৎকাৰত তেওঁ কয়, “মই মোৰ জীৱন বচাবলৈ কেতিয়াও মোৰ পোহনীয়া জন্তুবোৰ ত্যাগ নকৰো। মোৰ পৰিয়ালে মোক ঘূৰি আহিবলৈ অনুৰোধ কৰিছে। মোৰ পোহনীয়া জন্তুবোৰ মোৰ সন্তান। মই তেওঁলোকৰ সৈতে থাকিম আৰু মোৰ শেষ উশাহলৈকে তেওঁলোকক সুৰক্ষা দিম।”

চিকিৎসক পাটিলে ইউক্ৰেইনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিছিল আৰু শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত ডনবাছতে বাস কৰাৰ সিদ্ধান্ত লৈছিল।

পাটিলে স্থানীয় চিৰিয়াখানাত যশা নামৰ এটা অনাথ আৰু অসুস্থ জাগুৱাৰ লক্ষ্য কৰিছিল আৰু পিছত এই জাগোৱাৰটো তুলি লৈছিল।

আনহাতে ছাব্ৰিনা নামৰ এটা ব্লেক পেন্থাৰ দুমাহ পূৰ্বে তেওঁ তুলি লয়। যুদ্ধ আৰম্ভ হোৱাৰ পিছত যোৱা কেইদিনমানৰ পৰা পাটিলে কেৱল তেওঁৰ এই পোহনীয়া জন্তু কেইটাৰ বাবে খাদ্য কিনিবলৈহে ওলাই গৈছিল।

তেওঁ জানিবলৈ দিয়া মতে তেওঁৰ পোহনীয়া জাগুৱাৰটো ২০ মহীয়া আৰু পেন্থাৰটো ৬ মহীয়া। আনহাতে তেওঁৰ ৩ টা ইটালিয়ান মেষ্টিফ প্ৰজাতিৰ কুকুৰ আছে বুলি তেওঁ জানিবলৈ দিয়ে।

বৰ্তমান ডনবাছবাসী চিকিৎসক পাটিলৰ জন্মস্থান হৈছে অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ তানুকুৰ ।

পাটিলৰ এই বাতৰি বিয়পি পৰাৰ পিছত তেওঁৰ এই পশুপ্ৰেমে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।