NORTHEAST NOW (Assamese)
Popular Stories

ইৰাণৰ পৰা তেল ক্ৰয় কৰি বিপদত ভাৰতীয় কোম্পানী, ৬টা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আমেৰিকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 31, 2025 2:13 pm

ইৰাণৰ পৰা পেট্ৰলিয়াম সামগ্ৰী আমদানি কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমেৰিকাই। ইৰাণৰ সৈতে ব্যৱসায়িক সম্পৰ্ক থকাৰ অভিযোগত ভাৰতীয় ৬টা কোম্পানীকে ধৰি ২০টা কোম্পানীত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে। এই সিদ্ধান্তই স্বাভাৱিকতে দিল্লীক কূটনৈতিক হেঁচাৰ চেষ্টা কৰিছে।

আমেৰিকা প্ৰশাসনৰ অভিযোগ যে, ইৰাণে তেল আৰু পেট্ৰকেমিকেল সামগ্ৰীৰ পৰা ৰপ্তানি কৰা ধন মধ্যপ্ৰাচ্যত অস্থিৰতা সৃষ্টি আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰিবলৈ ব্যয় কৰিছে। ৱাশ্বিংটনৰ মতে, এনে বাণিজ্যই ইৰাণৰ যুদ্ধ নীতিক ফলপ্ৰসূভাৱে ইন্ধন যোগাইছে।

আমেৰিকাৰ বিবৃতিটোত কোৱা হৈছে যে ভাৰতীয় ৬টা কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে-

এলকেমিষ্ট ছলিউচনছ প্ৰাইভেট লিমিটেড

গ্ল’বেল ইণ্ডাষ্ট্ৰিয়েল কেমিকেলছ লিমিটেড

জুপিটাৰ ডাই কেম প্ৰাইভেট লিমিটেড

ৰামনিকলাল এছ গোসালিয়া এণ্ড কো.

পাৰ্চিষ্টেণ্ট পেট্ৰকেম প্ৰাইভেট লিমিটেড

ট্ৰেন্সএছিয়া পেট্ৰকেম প্ৰাইভেট লিমিটেড (ভাৰতীয় বিবৃতিত এই নাম উল্লেখ কৰা হোৱা নাছিল যদিও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন অনুসৰি ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে)

আটাইতকৈ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এলকেমিষ্ট ছলিউচনছ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে। খবৰ অনুসৰি এই কোম্পানীয়ে ২০২৪ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে একাধিক ইৰাণী কোম্পানীৰ পৰা প্ৰায় ৮৪ মিলিয়ন ডলাৰৰ পেট্ৰকেমিকেল সামগ্ৰী আমদানি কৰিছিল।তালিকাত দ্বিতীয় স্থানত থকা গ্লবেল ইণ্ডাষ্ট্ৰিয়েল কেমিকেলছ লিমিটেডে ৫১ মিলিয়ন ডলাৰৰ সামগ্ৰী ক্ৰয় কৰিছিল।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ‘ইৰানে মধ্যপ্ৰাচ্যত অশান্তিৰ সৃষ্টিৰ বাবে তেল ৰপ্তানিৰ ৰাজহৰ ব্যৱহাৰ অব্যাহত ৰাখিছে। এই ৰাজহৰ প্ৰবাহ ৰোধ কৰিবলৈ আমেৰিকাই নিষেধাজ্ঞা নীতি কঠোৰ কৰি তুলিছে। আন্তঃৰাষ্ট্ৰীয় নিয়ম উলংঘা কৰি তেহৰাণৰ সৈতে ব্যৱসায় কৰাসকলক আমি সহ্য নকৰো।

এই নিষেধাজ্ঞাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় লেনদেন, আমদানি-ৰপ্তানি, আৰু আমেৰিকাৰ কোম্পানীসমূহৰ সৈতে ব্যৱসায়িক যোগাযোগৰ সৈতে জড়িত ভাৰতীয় কোম্পানীসমূহত বৃহৎ ব্যাঘাত জন্মিব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই সময়ত আমেৰিকাই ইৰাণৰ ওপৰত একাধিক নিষেধাজ্ঞা আৰোপ কৰিছিল। সেই প্ৰেক্ষাপটতে কূটনৈতিক মহলে এই সিদ্ধান্ত ভাৰতীয় কোম্পানীসমূহক লক্ষ্য কৰি লোৱা বুলি বিশ্বাস কৰে।

বিশেষজ্ঞসকলৰ মতে এফালে আমেৰিকাৰ সৈতে কৌশলগত অংশীদাৰিত্ব, আৰু আনফালে ইৰাণৰ সৈতে শক্তিশালী শক্তি যোগানকাৰীৰ তালিকাত এই পৰিস্থিতিয়ে দিল্লীৰ বাবে এক বৃহৎ কূটনৈতিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সমাজে এতিয়া চকু ৰাখিছে যে কেন্দ্ৰটোৱে পৰৱৰ্তী পদক্ষেপৰ সৈতে কি বাৰ্তা প্ৰেৰণ কৰে।