NORTHEAST NOW (Assamese)
Popular Stories

পেৰিছত দুৰ্ঘটনাৰ সন্মুখীন ভাৰতীয় গল্ফাৰ দীক্ষা ডাগৰ; চিকিৎসালয়ত মাতৃ, কেনে আছে অলিম্পিয়ানগৰাকী?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 2, 2024 5:40 pm

ভাৰতীয় মহিলা গল্ফাৰ দীক্ষা ডাগৰে অলিম্পিকত অংশগ্ৰহণ কৰাৰ পূৰ্বে পেৰিছত এক দুৰ্ঘটনাৰ সন্মুখীন হয়। যোৱা ৩০ জুলাইৰ মাজনিশা ইণ্ডিয়া হাউচত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ অন্তত গেমছ ভিলেজলৈ উভতি অহাৰ সময়ত তেওঁৰ গাড়ীখনে দুৰ্ঘটনাগ্ৰস্ত হয়।পিছে দীক্ষা বিশেষভাৱে আঘাতপ্ৰাপ্ত হোৱা নাছিল।

গাড়ীত দীক্ষাৰ লগত আছিল দেউতাক, মাক আৰু ভায়েক। আন এখন গাড়ীয়ে তেওঁলোকৰ গাড়ীৰ পিছফালে খুন্দা মাৰে। দীক্ষাৰ মাকৰ আঘাত কিছু গুৰুতৰ। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। চিকিৎসকে কয় যে তেওঁৰ মূৰৰত আঘাতপ্ৰাপ্ত হৈছে। তেওঁ কেইদিনমান হস্পিতালতে থাকিব লাগিব। বাকী পৰিয়ালটো গুৰুতৰভাৱে আহত হোৱা নাই। ইণ্ডিয়ান গ’ল্ফ ইউনিয়নৰ সভাপতি ব্রিজিন্দৰ সিঙে কয়, “দুর্ঘটনাৰ খবৰ পোৱাৰ পাছতেই দীক্ষাৰ পিতৃৰ সৈতে কথা পাতিলোঁ৷ দীক্ষাৰ মাতৃৰ পিঠিত আঘাতপ্ৰাপ্ত হয়। চিন্তাৰ একো বিষয় নাই। বাকী সকলো ঠিকেই আছে। আমি নিয়মীয়াকৈ ডাগৰৰ পৰিয়ালৰ সৈতে যোগাযোগত আছো। যিকোনো সহায়ৰ বাবে আমি সাজু।”

ভাৰতীয় দলটোৰ বিষয়াসকলেও কয় যে এই দুৰ্ঘটনাৰ বাবে দীক্ষাৰ অলিম্পিকত অংশগ্ৰহণ কোনো সমস্যা নহ’ব। সূচী অনুসৰি দীক্ষাৰ অনুশীলন হৈছে। পেৰিছত ৭ আগষ্টৰ পৰা ১০ আগষ্টলৈ অনুষ্ঠিত হ’ব মহিলা গ’ল্ফ। প্ৰতিযোগিতাৰ সময়ত দীক্ষাৰ কাষত পিতৃ কৰ্ণেল নৰেন ডাগৰো থাকিব।