NORTHEAST NOW (Assamese)
অসম

Electric buses ২৫ খন ৰাজ্যৰ ৩০,০০০ খন পুৰণি বাছৰ ঠাই দখল কৰিব ইলেক্ট্ৰিক বাছে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 14, 2022 8:12 am
Electric buses ২৫ খন ৰাজ্যৰ ৩০,০০০ খন পুৰণি বাছৰ ঠাই দখল কৰিব ইলেক্ট্ৰিক বাছে

ভাৰতত এতিয়া ইলেক্ট্ৰিক বাছ লাহে লাহে জনপ্ৰিয় হৈ উঠিবলৈ ধৰিছে। বিশেষকৈ এনে বাছ প্ৰদূষণৰ পৰা মুক্ত আৰু ইন্ধনো ৰাহি কৰে।

২০৩০ চনৰ ভিতৰত ভাৰতত ৫০,০০০ বৈদ্যুতিক বাছ চলাবলৈ বিশ্ব সম্পদ প্ৰতিষ্ঠান ইণ্ডিয়াৰ (ডব্লিউআৰআই ইণ্ডিয়া) সহায়ত ৰাজ্যিক মালিকানাধীন কনভাৰ্জেঞ্চ এনাৰ্জি চাৰ্ভিচেছ লিমিটেডে (চিইএছএল) পৰিকল্পনা কৰিছে। বৈদ্যুতিক বাছৰ (ই-বাছ) সৰ্বনিম্ন মূল্য আৱিষ্কাৰ কৰাত সহায় কৰা গ্ৰেণ্ড চেলেঞ্জৰ সফলতাৰ পিছত, ডব্লিউআৰআই ইণ্ডিয়াৰ সমৰ্থিত চিইএছএল-এ ২০৩০ চনৰ ভিতৰত ভাৰতৰ পথত৫০,০০ বৈদ্যুতিক বাছ (ই-বাছ) চলোৱাৰ কথা ভবা হৈছে।

গ্ৰেণ্ড চেলেঞ্জৰ অধীনত চিইএছএল-এ পাঁচখন চহৰত ৫৪৫০ খন ই-বাছৰ চলাচল আৰম্ভ কৰিছে। বেংগালুৰু, দিল্লী, হায়দৰাবাদ, কলকাতা আৰু চুৰাটত এনে বাছ চলিবলৈ লৈছে।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে চিইএছএলক ২৫ খন ৰাজ্যত ৩০,০০০ তকৈও অধিকপুৰমই বাছ বাতিল কৰাৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰিছে। তাৰ ঠাইত ই-বাছ চলোৱাৰ পৰিকল্পনা কৰা হৈছে।