NORTHEAST NOW (Assamese)
অসম

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পৱনদ্বীপ ৰাজন; সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 5, 2025 2:00 pm

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ইণ্ডিয়ান আইডলৰ বিজয়ী জনপ্ৰিয় কণ্ঠশিল্পী পৱনদ্বীপ ৰাজন। বাতৰি অনুসৰি, সোমবাৰে পুৱাৰ ভাগত আহমেদাবাদৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। অৱশ্যে পৱনদ্বীপ কিয় এনেদৰে আঘাতপ্ৰাপ্ত হয় সেয়া সঠিকভাৱে স্পষ্ট হোৱা নাই।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কেইবাটাও ভিডিঅ’। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দেখা গৈছে কন্ঠশিল্পীগৰাকীক। তেওঁৰ আঘাত যথেষ্ট গুৰুতৰ।

এই সন্দৰ্ভত পৱনদ্বীপৰ দলৰ পৰা এই পৰ্যন্ত কোনো আনুষ্ঠানিক মন্তব্য দিয়া হোৱা নাই। স্বাভাৱিকতে অনুৰাগীৰ মাজত উদ্বিগ্নতাও বৃদ্ধি পাইছে। তেওঁৰ আশু আৰোগ্যৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে।

২০২১ চনত ইণ্ডিয়ান আইডল বিজয়ী পৱনদ্বীপে অৰুণিতা কাঞ্জিলালক পৰাস্ত কৰি শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে। পাহাৰীয়া পবনৰ গীতত সকলো দেশবাসী মুগ্ধ হৈ পৰে। পৱনদ্বীপ উত্তৰাখণ্ডৰ সন্তান। তেওঁ পৰম্পৰাগত সংগীত শিকিব পৰা নাছিল। অৱশ্যে গান গোৱাৰ উপৰিও কেইবাটাও বাদ্যযন্ত্ৰ বজাবলৈও তেওঁ সক্ষম।

অৰুণিতা কাঞ্জিলালৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভণিৰে পৰা চলি আছে। পৱনে অসমীয়া, বাংলা গীতো গাব পাৰে। অসমত তেওঁ বহু সাংস্কৃতিক অনুষ্ঠানো  কৰিছে।

কিছুদিন পূৰ্বে তেওঁৰ জন্মদিনটো অতি ধুমধামেৰে পালন কৰিছিল। তাৰ পিছত এই ঘটনা ঘটিল। তেওঁৰ আশু আৰোগ্যৰ বাবে অনুৰাগীসকলে প্ৰাৰ্থনা কৰিছে।