NORTHEAST NOW (Assamese)
অসম

U19 World Cup 2022: ১৯ অনুৰ্দ্ধৰ ক্ৰিকেট বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন ভাৰতীয় দলৰ; গঢ়িলে অভিলেখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 23, 2022 8:04 am
WhatsApp Image 2022-01-23 at 7.38.09 AM

শনিবাৰে ১৯ অনুৰ্দ্ধৰ ক্ৰিকেট বিশ্বকাপৰ ত্ৰিনিদাদত অনুষ্ঠিত খেলত উগাণ্ডাৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ৪০৫ৰাণৰ বৃহৎ স্ক’ৰ কৰে।

হৰ্নুৰ সিঙৰ ভাৰতীয় দলে নিৰ্দ্ধাৰিত ৫০ অ’ভাৰত কৰা এই ৪০৫ৰাণ ১৯ অনুৰ্দ্ধ বিশ্বকাপত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ৰাণৰ অভিলেখ।

আনহাতে, ১৯ অনুৰ্দ্ধৰ ৫০ অভাৰৰ বিশ্বকাপৰ এটা ইনিংছত ভাৰতীয়সকলৰ মাজত সৰ্বোচ্চ ৰাণৰ অভিলেখ গঢ়ে ৰাজ বাওয়াই। খেলখনত তেওঁ ১০৮টা বলত ১৬২ৰাণৰ ইনিংছ খেলে।

ইমানদিনে  ১৯ অনুৰ্দ্ধৰ ৫০ অভাৰৰ বিশ্বকাপৰ এটা ইনিংছত ভাৰতীয়সকলৰ মাজত সৰ্বোচ্চ ৰাণৰ অভিলেখ আছিল শিখৰ ধাৱানৰ নামত। ধাৱানে ২০০৪চনত স্কটলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ১৫৫ৰাণ কৰিছিল।

লগতে পঢ়ক: Covid Update: ৰাজ্যত নতুনকৈ ২৪ ঘন্টাত কিমান লোক আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

ইপিনে, ১৯ অনুৰ্দ্ধৰ ৫০ অভাৰৰ বিশ্বকাপৰ এটা ইনিংছত ভাৰতীয়সকলৰ মাজত সৰ্বাধিক ছয় মৰাৰ অভিলেখো গঢ়িছে ৰাজ বাওয়াই। তেওঁ ইনিংছটোত মুঠ ৮টা ছয় কোবায়।

ইমানদিনে  ১৯ অনুৰ্দ্ধৰ ৫০ অভাৰৰ বিশ্বকাপৰ এটা ইনিংছত ভাৰতীয়সকলৰ মাজত সৰ্বাধিক ছয় মৰাৰ অভিলেখ আছিল উন্মুক্ত চান্দৰ নামত। ২০১২চনত তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬টা ছয় মাৰিছিল।

টছত জিকি শনিবাৰে উগাণ্ডাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। খেলৰ আৰম্ভণিতে ভাৰতীয় দলত আঘাত হানি হৰ্নুৰ সিঙক অষ্টমটো অভাৰত আউট কৰাৰ পাছত ১৬তম অভাৰত নিশান্ত সিন্ধুকো আউট কৰে।

ভাৰতে ১৫.১অভাৰত দুটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ৮৫ৰাণ। কিন্তু তাৰপাছতে অংগক্ৰিস ৰঘুবংশী আৰু ৰাজ বাওয়াই তৃতীয় উইকেটৰ যুটীত ২০৬ৰাণ যোগ দিয়ে।

দলীয় ২৯১ৰাণত ৩৭.৫ অভাৰত ১৪৪ৰাণৰ অনবদ্য ইনিংছ খেলি আউট হৈ যায় অংগক্ৰিস ৰঘুবংশী। তাৰ পাছত ৰাজ বাওয়াৰ অভিলেখ সৃষ্টিকাৰী দমনীয় বেটিঙেৰে ভাৰতে ৪০৫ৰাণৰ বৃহৎ স্ক’ৰ গঢ়ে।  

খেলখনত ভাৰতে উগাণ্ডাক ৩২৬ৰাণত পৰাস্ত কৰে।