প্ৰশিক্ষণৰত অৱস্থাতে মৃত্যু নৌসেনা কমাণ্ডোৰ: তদন্তৰ নিৰ্দেশ

পশ্চিম বংগৰ পানাগড়ত বুধবাৰে প্ৰশিক্ষণৰত অৱস্থাত শোকাৱহভাৱে মৃত্যু হয় ভাৰতীয় নৌসেনাৰ বিশেষ বাহিনীৰ এগৰাকী সামুদ্ৰিক কমাণ্ডোৰ। নিহত কমাণ্ডোগৰাকীক চন্দকা গোবিন্দ বুলি চিনাক্ত কৰা হৈছে।
বিভাগীয় সূত্ৰ অনুসৰি এখন বিমানৰ পৰা পেৰা জাম্পৰ অনুশীলন চলাই থাকোতেই চন্দকা গোবিন্দে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাবটিবলগীয়া হয়।
এক টুইটযোগে ভাৰতীয় নৌসেনাই গোবিন্দৰ মৃত্যুৰ কথা সদৰী কৰে। বিভাগীয় বিষয়াৰ ভাষ্য মতে, গোবিন্দ ভাৰতীয় নৌসেনাৰ মেৰিন কমাণ্ডো ফ’ৰ্চ (মাৰ্কোছ) নামৰ এক বিশেষ বাহিনীৰ অংশ আছিল।
নৌ সেনাপ্ৰধান এডমিৰেল আৰ হৰি কুমাৰ আৰু নৌসেনাৰ বিষয়া-কৰ্মচাৰীসকলে গোবিন্দৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। নৌসেনাই এক টুইট যোগে চন্দকা গোবিন্দলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
ইফালে ককমাণ্ডগৰাকীৰ মৃত্যু সন্দৰ্ভত এক উচ্চ-পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলিও নৌসেনাই সদৰী কৰিছে।