NORTHEAST NOW (Assamese)

দেশ-বিদেশত বিজয় নিচান উৰুৱাই গুৱাহাটীত যুঁজিবলৈ আহি আছে মেৰীকম

May 10, 2019 9:26 am · এন ই নাও নিউজ
Updated: May 10, 2019 10:14 am
মেৰীকমৰ ফাইল ফটো

বিগত সময়ছোৱাত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰাৰ পাছত এইবাৰ পুনৰ গুৱাহাটীত অনুষ্ঠিত হ’বলৈ গৈ আছে এখন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰীকম, অসমৰ ষ্টাৰ বক্সাৰ শিৱ থাপাকে ধৰি ভাৰতৰ লগতে বিদেশৰ বিভিন্ন আগশাৰীৰ বক্সাৰৰ খেল চোৱাৰ সৌভাগ্য হ’ব গুৱাহাটী তথা অসমবাসীৰ।

অহা ২০ ৰ পৰা ২৪ মে’লৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ইণ্ডিয়ান অ’পেন বক্সিং চেম্পিয়নশ্বিপ। এই কথা জানিবলৈ দিছে অসম বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতাই।

সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ সহযোগিতাত অসম বক্সিং সন্থাই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

বিশ্বমানৰ প্ৰতিযোগিতাখনত ভাৰতৰ লগতে প্ৰায় ২৫ খন দেশৰ আগশাৰীৰ বক্সাৰে অংশ ল’ব বুলি অসম বক্সিং সন্থাৰ সাঃ সম্পাদকৰাকীয়ে কয়। তদুপৰি ভাৰতৰ হৈ মেৰীকম, শিৱ থাপা, লাভলিনা, ফাইলাও আদিৰ দৰে খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে গুৱাহাটীয়ে এই প্ৰতিযোগিতাখনৰ পূৰ্বে ২০১৭ত অতি সফলতাৰে আয়োজন কৰিছিল আইবা ওমেন’ছ য়ুথ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ। য’ত ভাৰতে অভিলেখ সংখ্যক পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

অহা বছৰ অনুষ্ঠিত হ’ব লগীয়া টকিঅ’ অলিম্পিক গেইমছৰ পূৰ্বে এই প্ৰতিযোগিতাখন ভাৰতীয় বক্সাৰ সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব।

Related News