NORTHEAST NOW (Assamese)
অসম

পুনৰ মহাকাশলৈ যাত্ৰা কৰিলে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 6, 2024 2:42 pm

ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে বয়িঙৰ ষ্টাৰলাইনাৰৰ মানৱ অভিযানত মহাকাশলৈ যাত্ৰা কৰিলে। উইলিয়ামছে সহকৰ্মী বুচ উইলম’ৰৰ সৈতে এই অভিযানত যাত্ৰা কৰিছে।

ফ্ল’ৰিডাৰ কেপ কানাভেৰেল মহাকাশ ষ্টেচনৰ পৰা ইউনাইটেড লঞ্চ এলায়েন্স এটলাছ-৫ ৰকেটৰ জৰিয়তে এই অভিযানৰ যাত্ৰা আৰম্ভ হৈছে।

যোৱা ৭ মে’ত আৰম্ভণিৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল যদিও যান্ত্ৰিক সমস্যাৰ বাবে দিন পিছুৱাই দিয়া হৈছিল।

সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ। ফটো সৌজন্যঃ নাছা।

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত এসপ্তাহ কটোৱাৰ পিছত পুনৰ ব্যৱহাৰযোগ্য কেপচুলত পৃথিৱীলৈ উভতি আহিব উইলিয়ামছ-উইলম’ৰ যুটী।