NORTHEAST NOW (Assamese)
Popular Stories

চেনেলৰ নতুন গোলকীয় মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত ভাৰতীয় মূলৰ মহিলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 15, 2021 2:11 pm
Leena Nair

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ স্ব প্ৰতিভাৰ বলত সন্মানীয় আসনত উপৱিষ্ট হৈছে ভাৰতীয় মূলৰ এগৰাকী মহিলা।

এংলো-ডাচ্চ এফএমচিজি মেজৰ ইউনিলিভাৰৰ প্ৰথম গৰাকী মহিলা আৰু সৰ্বকনিষ্ঠ মুখ্য মানৱ সম্পদ বিষয়া হিচাপে ইতিহাস ৰচা লীনা নায়াৰ এইবাৰ ফৰাচী বিলাসী গোট চেনেলৰ গোলকীয় মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে।

তেওঁ ইন্দ্ৰা নুই (পেপচিকো)ৰ পিছত বিশ্বব্যাপী মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰা দ্বিতীয় গৰাকী ভাৰতীয় বংশোদ্ভূত মহিলা হিচাপে কৃতিত্ব অৰ্জন কৰিছে।

এই দায়িত্ব ঘোষণাৰ পিছত লীনা নায়াৰে কয় যে তেওঁ চেনেলৰ দৰে এক প্ৰতিষ্ঠিত আৰু প্ৰশংসিত কোম্পানীৰ গোলকীয় মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত হোৱাৰ বাবে কৃতজ্ঞ আৰু সন্মানিত।

“চেনেলৰ উদ্দেশ্যৰ দ্বাৰা মই বহুত অনুপ্ৰাণিত। ই এনে এটা কোম্পানী যি সৃষ্টিৰ স্বাধীনতা, মানৱ সম্ভাৱনা বিকাশ আৰু বিশ্বত ইতিবাচক প্ৰভাৱ পেলোৱাৰ বাবে কাম কৰাত বিশ্বাস কৰে।” লীনা নায়াৰে টুইট কৰে।

 

মহিলাৰ পেণ্টচুট, টুইড আৰু বিখ্যাত হেণ্ডবেগৰ বাবে প্ৰসিদ্ধ চেনেল 1910 চনত কিংবদন্তি গেব্ৰিয়েল চেনেলৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। “কোকো” চেনেল নামেৰেও কোম্পানীটো জনপ্ৰিয়। পেৰিছত এটা টুপী বুটিক হিচাপে আৰম্ভ হোৱা চেনেল ফৰাচী চিক আৰু পেৰিচিয়ান ষ্টাইলৰ সমাৰ্থক হৈ পৰিছিল।