NORTHEAST NOW (Assamese)

মৰ্মান্তিক! সৰু কথাতে আমেৰিকাত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে ভাৰতীয় পিতৃ-কন্যাক

March 23, 2025 1:58 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাত এজন ভাৰতীয় ব্যৱসায়ী আৰু তেওঁৰ কন্যাক গুলীয়াই হত্যা কৰা হৈছে। বাতৰি অনুসৰি দুৰ্বৃত্তই ভাৰতীয় লোকজনৰ দোকানত প্ৰৱেশ কৰি গুলীচালনা কৰে। ভাৰতীয় ব্যৱসায়ীজনৰ থিতাতে মৃত্যু হয়। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ কন্যাই শেষ নিশ্বাস ত্যাগ কৰে। প্ৰায় ছবছৰ পূৰ্বে গুজৰাটৰ পৰা আমেৰিকালৈ গুচি গৈছিল পৰিয়ালটো।

জানিব পৰা মতে, মৃত লোকজনৰ নাম প্ৰদীপ পেটেল। বৃহস্পতিবাৰে পুৱা তেওঁ কন্যা উৰ্মিৰ সৈতে নিজৰ ষ্ট’ৰলৈ গৈছিল। সেই সময়তে ডেভন ৱাৰ্টন নামৰ এজন ব্যক্তিয়ে ষ্ট’ৰত প্ৰৱেশ কৰে। মদ কিনিব বিচাৰে। ইয়াৰ লগতে প্ৰশ্ন কৰে যে ৰাতি কিয় দোকানখন বন্ধ আছিল।

তাৰ পিছতে ডেভনে বন্দুক উলিয়াই প্ৰদীপক গুলীয়াই দিয়ে। বন্দুকৰ গুলীত আঘাতপ্ৰাপ্ত হৈ থিতাতে মৃত্যু হয় প্ৰদীপৰ। ২৪ বছৰীয়া উৰ্মিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাধীন অৱস্থাতে চিকিৎসালয়তে মৃত্যু হয় উৰ্মিৰ।

ইতিমধ্যে এই দ্বৈত হত্যাকাণ্ডৰ গোচৰত ৪৪ বছৰীয়া ডেভনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কিন্তু পিতৃ-কন্যাৰ কৰুণ ভাগ্যই আমেৰিকাবাসী ভাৰতীয়সকলক আতংকিত কৰি তুলিছে। কিছু মাহ পূৰ্বে আমেৰিকাত ভাৰতীয় মূলৰ এজন লোকক গুলীয়াই হত্যা কৰা হৈছিল। তাৰপিছতে পিতৃ-কন্যাৰ হত্যাকাণ্ডই সেই দেশত আতংক বিয়পাইছে।

উল্লেখ্য যে ৫৬ বছৰীয়া প্ৰদীপে ৬ বছৰ পূৰ্বে গুজৰাট এৰি আমেৰিকালৈ গুচি গৈছিল। পত্নী হংসাবেন আৰু কন্যা উৰ্মিকো লগত লৈ গৈছিল। প্ৰদীপে আমেৰিকালৈ গৈ ভাৰ্জিনিয়াৰ এখন ষ্ট’ৰত কাম কৰিছিল।

প্ৰসংগক্ৰমে সেই দোকানখনৰ মালিক হৈছে পৰেশ পেটেল। মৃত ভাৰতীয় ব্যৱসায়ীজন পৰেশৰ এজন খুলশালীয়েকৰ শহুৰেক। সেই সম্পৰ্কৰ জৰিয়তে প্ৰদীপে ভাৰ্জিনিয়াৰ একোমাক কাউন্টিৰ এখন ষ্ট’ৰত কাম কৰিবলৈ আৰম্ভ কৰে। এনে মৰ্মান্তিক পৰিণতিৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়-স্বজন বিচলিত হৈ পৰিছে।

Related News