NORTHEAST NOW (Assamese)
দেশ

আমেৰিকাত নিহত ভাৰতীয় ছাত্ৰক চিনাক্তঃ লিণ্ডাৰ স্কুল অৱ বিজনেছৰ ছাত্ৰ আছিল মৃত শ্ৰেয়ছ ৰেড্ডী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 2, 2024 3:41 pm
Indian Student Found Dead In US

বৃ্হস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনচিনাটিত উদ্ধাৰ হয় এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃতদেহ। নিহত ছাত্ৰগৰাকীক ১৯ বৰ্ষীয় শ্ৰেয়ছ ৰেড্ডী বেনিগাৰ বুলি চিনাক্ত কৰা হৈছে।

অহাইঅ’ৰ লিণ্ডাৰ স্কুল অৱ বিজনেছৰ ছাত্ৰ আছিল বেনিগাৰ। মৃত ছাত্ৰগৰাকীৰ পিতৃ-মাতৃ হায়দৰাবাদত বাস কৰে বুলি জানিব পৰা গৈছে।

অৱশ্যে ছাত্ৰগৰাকীৰ মৃত্যুৰ আঁৰত কোনো ধৰণৰ অপৰাধৰ সম্ভাৱনা নুই কৰিছে কৰ্তৃপক্ষই। ইফালে নিউয়ৰ্কস্থিত ইণ্ডিয়ান মিছনে ছাত্ৰগৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰে।

ইণ্ডিয়ান মিছনে লগতে বেনিগাৰৰ মৃত্যুৰ কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে। বেনিগাৰৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি থকা হৈছে বুলিও ইণ্ডিয়ান মিছনে সদৰী কৰে।

উল্লেখ্য যে বিগত এসপ্তাহৰ ভিতৰত আমেৰিকাত ভাৰতীয় ছাত্ৰৰ এয়া তৃতীয়টো মৃত্যুৰ ঘটনা।

যোৱা মাহত বিবেক ছাইনী নামৰ এজন ভাৰতীয় ছাত্ৰক এটা মলত এজন গৃহহীন লোকে হাতুৰীৰে কোবাই হত্যা কৰিছিল। শেহতীয়াকৈ ছাইনীয়ে আমেৰিকাত এম বি এ সম্পূৰ্ণ কৰিছিল।

তাৰ পূৰ্বে ইণ্ডিয়ানা প্ৰদেশৰ পাৰ্ডু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ভাৰতীয় ছাত্ৰ নীল আচাৰ্যকো বিগত এসপ্তাহত আমেৰিকাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

পাৰ্ডু বিশ্ববিদ্যালয়ৰ জন মাৰ্টিনছন অনাৰ্ছ কলেজৰ কম্পিউটাৰ বিজ্ঞান আৰু ডাটা বিজ্ঞানৰ ডাবল মেজৰ আচাৰ্য দেওবাৰে নিৰুদ্দেশ হোৱা বুলি প্ৰকাশ পাইছিল। সোমবাৰে নিশ্চিত কৰা হৈছিল তেওঁৰ মৃত্যুৰ খবৰ।

আফাতে যোৱা বছৰৰ নৱেম্বৰ মাহত অহাইঅ’ত চিনচিনাটি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা আদিত্য আদলাখা নামৰ ভাৰতীয় ছাত্ৰ এজনক এখন গাড়ীৰ ভিতৰতে গুলীয়াই হত্যা কৰা হৈছিল।