NORTHEAST NOW (Assamese)
অসম

মোদী চৰকাৰে ১৫/২০ শতাংশ বৃদ্ধি কৰিব পাৰে ৰেইল ভাড়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 27, 2019 9:56 pm
Lockdown: Indian Railways to gradually restart passenger train operations from May 12

ৰেইলৱে’ই অচিৰেই ১৫/২০ শতাংশ পৰ্য্যন্ত যাত্ৰীভাড়া আৰু মালভাড়া বৃদ্ধি কৰিব পাৰে বুলি আজি ব’ৰ্ডৰ অধ্যক্ষ ভি কে যাদৱে এটা ইংগিত দিছে।

সংবাদ মাধ্যমক দিয়া এটা ভাষ্যত যাদৱে কয় যে ভাৰতীয় ৰেইলৱেই যোৱা কেইবছৰমান ধৰি ইয়াৰ নিম্ন পৰিমাণৰ ৰাজহৰ সমস্যা আঁতৰাবলৈ একাধিক পদক্ষেপ লৈ আহিছে। আগন্তুক পদক্ষেপটোও তাৰেই অংশ হ’ব।

যাদৱে ৰেইলভাড়া বৃদ্ধি কৰাটো এটা “স্পৰ্শকাতৰ বিষয়” বুলি স্বীকাৰ কৰে আৰু সেয়ে চূড়ান্ত কৰাৰ আগতে দীঘলীয়া আলোচনাৰ প্ৰয়োজন হয় বুলি কয়।

“আমি যাত্ৰীভাড়া আৰু মালভাড়া যুক্তিপূৰ্ণ কৰিবলৈ গৈ আছো। এই বিষয়ে ভবা-চিন্তা কৰা হৈছে। মই বেছি ক’ব নোৱাৰিম, এইটো এটা স্পৰ্শকাতৰ বিষয়। যিহেতু মালভাড়া ইতিপূৰ্বে অধিক হৈয়ে আছে, আমি পথ পৰিবহণৰ পৰা ৰেইলপথলৈ অধিক সৰবৰাহ অনাৰ লক্ষ্য লৈছো”, সংবাদ মাধ্যমৰ আগত যাদৱৰ মন্তব্য।

এটা সূত্ৰৰ মতে, ৰেইলৱে’ ব’ৰ্ডে নতুন নিৰিখৰ যাত্ৰীভাড়াৰ বিভিন্ন স্লেবৰ এটা আৰ্হি তৈয়াৰ কৰিছে আৰু অচিৰেই ইয়াৰ ঘোষণা কৰা হ’ব।

উল্লেখ কৰিব পাৰি যে দেশৰ মন্দাৱস্থাৰ সমান্তৰালভাৱে ৰেইলৱেই সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণো হ্ৰাস পাইছে, বিশেষকৈ এইটো বিত্তীয় বৰ্ষৰ দ্বিতীয়টো তিনিমাহত।

আৰ টি আইৰ তথ্য মতে, প্ৰথম তিনি মাহত (এপ্ৰিল-জুন) ৰেইলৱেই যাত্ৰীভাড়াৰ পৰা ১৩,৩৯৮.৯৮ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছিল। তাৰ বিপৰীতে দ্বিতীয় তিনি মাহত এই ৰাজহৰ পৰিমাণ হয়গৈ ১৩,২৪৩.৮১ কোটি টকা।

দুৰ্বল অৰ্থনীতিৰ সমান্তৰালভাৱে মূল্যবৃদ্ধিয়ে কোঙা কৰা জনসাধাৰণৰ ওপৰত এই বৰ্ধিত বোজাই মোদী চৰকাৰৰ প্ৰতি অধিক বিতুষ্ট কৰি তুলিব পাৰে ভোটাৰক, যাৰ প্ৰভাৱ আগন্তুক নিৰ্বাচনবোৰতো প্ৰতিফলিত হোৱাটো নিশ্চিত। দেশৰ দৰিদ্ৰ লোকৰ পৰা মধ্যবিত্তলৈকে ৰেইল হ’ল যাতায়াতৰ আটাইতকৈ পচন্দৰ আৰু সুলভ ব্যৱস্থা।