NORTHEAST NOW (Assamese)
অসম

১ ডলাৰৰ বিপৰীতে ৯১ টকা, পুনৰ ভাৰতীয় মুদ্ৰাৰ পতন; নতুন বছৰত কিমান হ্ৰাস পালে মুদ্ৰাৰ মূল্য?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2026 1:27 pm

ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ মূল্যৰ বৃহৎ পতন ঘটিছে। ভাৰতীয় মুদ্ৰাৰ মূল্য ১ মাৰ্কিন ডলাৰৰ বিপৰীতে প্ৰায় ৯১ টকা হৈছেগৈ।

বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদন অনুসৰি ২০ জানুৱাৰীত ভাৰতীয় মুদ্ৰা আই এন আৰ এই অভিলেখত উপনীত হয়। সোমবাৰে যি দামত বন্ধ হৈ পৰে মুদ্ৰাৰ বজাৰ, মঙলবাৰে তাতাকৈও ৩ পইচা কমলৈ নামি মুকলি হয় বজাৰখন। মঙলবাৰে বজাৰখন প্ৰতি ডলাৰত ৯০.৯৩ টকাত মুকলি হয়। সোমবাৰে বজাৰখন বন্ধ হৈছিল প্ৰতি ডলাৰত ৯০.৯০ টকাত।

ইয়াৰ মাজতে দিনটোৰ ভিতৰতে নিম্ন স্তৰত প্ৰতি ডলাৰত ৯১.০১ টকা হৈছে। প্ৰতিবেদন অনুসৰি, বিদেশী বিনিয়োগৰ ধাৰাবাহিক বহিঃপ্ৰবাহ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত অস্থিৰতাৰ বাবে ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা ক্ৰমান্বয়ে দুৰ্বল হৈ আহিছে।

সোমবাৰে নতুন অভিলেখ সৃষ্টি কৰি ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাস পায়। ভাৰতীয় মুদ্ৰা ১২ পইচা হ্ৰাস পোৱাৰ পিছত প্ৰতি ডলাৰত ৯০.৯০ টকাত বন্ধ হৈ পৰে। যিটো ভাৰতীয় মুদ্ৰাৰ ৰেকৰ্ড ক্লোজিং লেভেলৰ অতি ওচৰত।

ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৬ ডিচেম্বৰত ভাৰতীয় মুদ্ৰাৰ অভিলেখ পতন দেখা গৈছিল। সেইদিনা ভাৰতীয় মুদ্ৰা প্ৰতি ডলাৰত দিনটোৰ ভিতৰত ৯১.১৪ টকালৈ হ্ৰাস পাইছিল। বন্ধ হৈছিল ৯০.৯৩ টকাত।

বৈদেশিক মুদ্ৰাৰ বজাৰ বিশেষজ্ঞসকলে কয় যে বৈদেশিক আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিস্থিতিৰ বাবে এতিয়া মুদ্ৰাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ সকলো সম্ভাৱনা আছে। গ্ৰীণলেণ্ডক লৈ ইউৰোপীয় দেশসমূহৰ সৈতে গুৰুতৰ বিবাদ আৰম্ভ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। শুল্ক আৰোপ কৰাৰ সকীয়নি দিছে তেওঁ। এই পৰিস্থিতিক লৈ সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰী চিন্তিত।

ফিনৰেক্স ট্ৰেজাৰী এডভাইজাৰ্ছ এল এল পিৰ ট্ৰেজাৰী আৰু কাৰ্যবাহী সঞ্চালক অনিল কুমাৰ ভাঞ্চালীৰ মতে, ট্ৰাম্পৰ শুল্ক বৈধ নে নহয় সেই বিষয়ে আমেৰিকাৰ আদালতে সিদ্ধান্ত ল’ব। ইয়াৰ প্ৰভাৱে সমগ্ৰ বিশ্বতে বাণিজ্যত প্ৰভাৱ পেলাব। এতিয়া সকলো বজাৰেই অধিক বিপদত পৰিছে, যাৰ বাবে সোণ আৰু ৰূপত বিনিয়োগ বৃদ্ধি পাইছে।

২০২৫ চনৰ পৰা ভাৰতীয় মুদ্ৰাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। যোৱা এটা বছৰত ভাৰতীয় মুদ্ৰা ৬ শতাংশ হ্ৰাস পাইছে। ২০২৫ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় মুদ্ৰাই প্ৰথমবাৰৰ বাবে ৯০ টকাৰ সীমা অতিক্ৰম কৰিছিল। সেই বছৰতে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা অভিলেখ পৰিমাণৰ বিদেশী বিনিয়োগ ওলাই গৈছিল। ২০২৬ চনত এতিয়ালৈকে ভাৰতীয় মুদ্ৰাৰ মূল্য প্ৰায় ১ শতাংশ হ্ৰাস পাইছে।