NORTHEAST NOW (Assamese)
অসম

কানাডাত ভাৰতীয় ছাত্ৰীৰ মৃত্যু, এতিয়াও নীৰৱ স্থানীয় প্ৰশাসন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2025 10:56 am

কানাডাৰ কেলগাৰী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা এজন ভাৰতীয় ছাত্ৰৰ মৃত্যু হোৱা বুলি বৃহস্পতিবাৰে ভেংকুৱাৰত থকা ভাৰতীয় কনছুলেট জেনেৰেলে প্ৰকাশ কৰে।

নিহত ছাত্ৰীগৰাকীৰ নাম তানিয়া ত্যাগী। উচ্চ শিক্ষাৰ বাবে কানাডালৈ গৈছিল ছাত্ৰীগৰাকী। কনছুলেটে এক বিবৃতিযোগে শোক প্ৰকাশ কৰাৰ লগতে তানিয়াৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে।

কনছুলেটৰ এক বিবৃতিত কোৱা হৈছে যে, “কেলগাৰী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ছাত্ৰী তানিয়া ত্যাগীৰ আকস্মিক মৃত্যুত আমি শোকাহত। কনছুলেট স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছে আৰু শোকসন্তপ্ত পৰিয়ালটোক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব। তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ আমাৰ আন্তৰিক সমবেদনা আৰু প্ৰাৰ্থনা থাকিল।”

ইপিনে, কানাডাৰ কৰ্তৃপক্ষই এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ নকৰাত তানিয়াৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইফালে এক্সত প্ৰচাৰিত এটা পোষ্টত দাবী কৰা হৈছে যে তানিয়াৰ মাৰাত্মক হাৰ্ট এটেক হৈছিল।

পোষ্টটোত লিখা হৈছে, “সহায়ৰ আবেদন। উত্তৰ-পূব দিল্লীৰ বিজয় পাৰ্কৰ বিজয় পাৰ্কৰ ৫৫৯/১১ডি লেন ১২ৰ ছাত্ৰী তানিয়া ত্যাগীয়ে পঢ়া-শুনাৰ বাবে কানাডালৈ গৈছিল। ২০২৫ চনৰ ১৭ জুনত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁৰ মৃতদেহ ঘুৰাই অনাৰ বাবে প্ৰধানমন্ত্ৰীৰ ওচৰত সাহায্য়ৰ আবেদন কৰা হৈছে।‘’

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ডমিনিকান ৰিপাব্লিকত ছুটীত ফুৰিবলৈ যোৱা অৱস্থাত নিৰুদ্দেশ হৈছিল ২০ বছৰীয়া ভাৰতীয় ছাত্ৰী সুদীক্ষা কনাংকি। যুৱতীগৰাকী আমেৰিকাৰ স্থায়ী বাসিন্দা আৰু পিটচবাৰ্গ বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল। তেওঁক ৬ মাৰ্চত লা আলটাগ্ৰাছিয়া প্ৰদেশৰ ৰিউ পুন্টা কানা হোটেলৰ সমীপৰ সাগৰৰ পাৰত শেষবাৰৰ বাবে দেখা গৈছিল।

স্পেইনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ পিন্ধিছিল বাদামী ৰঙৰ টু-পিছ বিকিনি, ডাঙৰ ঘূৰণীয়া কাণফুলি, ভৰিত পায়েল আৰু হাতত একাধিক ব্ৰেচলেট। আন্তৰ্জাতিক মহলত এই গোচৰক লৈ ব্যাপক চৰ্চা হোৱাৰ পিছতো এই ঘটনাৰ তদন্ত সেইদৰে আগবঢ়া নাই।