NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰসংঘৰ ব্লু হেলমেটছত জিলিকিল ভাৰতীয় জোৱান! শান্তি প্ৰতিষ্ঠাৰ বাবে ৫৬৫ গৰাকীলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

June 3, 2026 9:23 am · এন ই নাও নিউজ, গুাৱাহাটী

সংঘৰ্ষজৰ্জৰ দক্ষিণ চুডানত অসামৰিক লোকক সুৰক্ষা প্ৰদান আৰু শান্তি প্ৰতিষ্ঠাৰ প্ৰচেষ্টাত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাষ্ট্ৰসংঘৰ দক্ষিণ চুডান অভিযানত (UNMISS) কৰ্মৰত ৫৩ গৰাকী মহিলাসহ মুঠ ৫৬৫ গৰাকী ভাৰতীয় শান্তিপ্ৰতিষ্ঠাপকক বিশেষ সন্মানেৰে বিভূষিত কৰা হৈছে। সংঘাতপূৰ্ণ দেশখনত নিষ্ঠা আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপেই ৰাষ্ট্ৰসংঘই এই ভাৰতীয় জোৱানসকলক সন্মানিত কৰিছে।

ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, নিয়মীয়া তহলদাৰী, সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক স্থাপন, পশু চিকিৎসা শিবিৰৰ আয়োজন, মহিলাৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ, লিংগভিত্তিক হিংসা প্ৰতিৰোধ আৰু মানৱীয় সাহায্যৰ সুবিধা উন্নত কৰাৰ জৰিয়তে অসামৰিক লোকসকলক সুৰক্ষা প্ৰদান কৰাৰ বাবেই এই শান্তিপ্ৰতিষ্ঠাপকসকলক স্বীকৃতি প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ শান্তিপ্ৰতিষ্ঠাপক বাহিনীৰ কাৰ্যকৰী নিয়ন্ত্ৰণৰ অধীনত সেৱা আগবঢ়োৱা সামৰিক জোৱান, আৰক্ষী বিষয়া আৰু অসামৰিক বিশেষজ্ঞসকলক ‘ব্লু হেলমেটছ’ বুলি জনা যায়।

ভাৰতীয় দলটোৱে লাভ কৰা এই বিশেষ সন্মানৰ প্ৰশংসা কৰি ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ স্থায়ী অভিযান কাৰ্যালয়ে শান্তিপ্ৰতিষ্ঠাপকসকলক অভিনন্দন জ্ঞাপন কৰিছে। ছ‘চিয়েল মিডিয়াৰ এক পোষ্টত কাৰ্যালয়টোৱে উল্লেখ কৰে যে ভাৰতীয় ব্লু হেলমেটছে তেওঁলোকৰ কাৰ্যক্ষেত্ৰৰ সকলো পৰ্যায়তে ধাৰাবাহিকভাৱে সৰ্বোচ্চ পৰ্যায়ৰ পেছাদাৰিত্ব বজাই ৰাখিছে। ইয়াৰ লগতে এই কথাও প্ৰকাশ কৰা হৈছে যে ৰাষ্ট্ৰসংঘৰ শান্তিপ্ৰতিষ্ঠাপক অভিযানলৈ সমসাজ পৰিহিত জোৱান প্ৰেৰণ কৰা দেশসমূহৰ ভিতৰত নেপালৰ পাছতেই ভাৰতৰ স্থান বিশ্বৰ ভিতৰতে দ্বিতীয়।

বৰ্তমান ভাৰতে এবিয়েই, চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক, চাইপ্ৰাছ, কংগো, লেবানন, মধ্যপ্ৰাচ্য, ছোমালিয়া, দক্ষিণ চুডান আৰু পশ্চিম ছাহাৰাত চলি থকা বিভিন্ন অভিযানলৈ ১৫৫ গৰাকী মহিলাকে ধৰি ৪,২০০ তকৈয়ো অধিক সামৰিক আৰু আৰক্ষী জোৱান প্ৰেৰণ কৰিছে। এই শান্তিপ্ৰতিষ্ঠাপক অভিযানসমূহত সেৱা আগবঢ়োৱাৰ সময়ত এতিয়ালৈকে প্ৰায় ১৮০ গৰাকী ভাৰতীয় জোৱানে নিজৰ প্ৰাণ আহুতি দিছে, যিটো বিশ্বৰ ভিতৰতে শান্তিপ্ৰতিষ্ঠাপক বাহিনী প্ৰেৰণ কৰা যিকোনো দেশৰ তুলনাত সৰ্বাধিক।

Related News