NORTHEAST NOW (Assamese)
অসম

টকিঅ’ত ইতিহাস ৰচি তিনিবাৰৰ স্বৰ্ণ বিজয়ী অষ্ট্ৰেলিয়াক হৰুৱাই ছেমিফাইনেলত ভাৰতীয় মহিলা হকী দল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2021 11:31 am
Indian women Hockey team

টকিঅ’ত ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ছেমিফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় মহিলা হকী দলে।

প্ৰথম কোৱাৰ্টাৰ ফাইনেলত গুৰজিৎ কৌৰৰ একমাত্ৰ গলৰ সহায়ত অলিম্পিকৰ তিনিবাৰৰ স্বৰ্ণজয়ী অষ্ট্ৰেলিয়াক ১-০গলত হৰুৱায় ভাৰতে।

টকিঅ’ত ভাৰতৰ পুৰুষ হকী দলৰ পাছত এইবাৰ মহিলা হকী দলেও সফলতা দেখুৱাবলৈ সক্ষম হ’ল।

ক্ৰীড়া মহলক প্ৰায় আচৰিত কৰি তুলি ভাৰতীয় মহিলা হকী দলে এইদৰে নিজৰ সাফল্যৰ কাহিনী ৰচনা কৰিলে।

টকিঅ’ অলিম্পিকৰ প্ৰথম তিনিখন মেচত পৰাজিত হৈছিল ভাৰতীয় দলটো। প্ৰথম মেচত নেদাৰলেণ্ডৰ হাতত ৫-১ব্যৱধানত পৰাজিত হোৱাৰ লগতে জাৰ্মানী আৰু গ্ৰেট ব্ৰিটেইনৰ হাততো পৰাজিত হৈছিল ভাৰত।

কিন্তু পাছত আয়াৰলেণ্ড আৰু দক্ষিণ আফ্ৰিকাক পৰাজিত কৰে ভাৰতে। তেতিয়ালৈকে ভাৰত অগ্ৰগতিৰ নিশ্চয়তা নাছিল।

পিচে, গ্ৰেট ব্ৰিটেইনৰ সৈতে আয়াৰলেণ্ড পৰাজিত হোৱাত চতুৰ্থটো দল হিচাপে গ্ৰুপৰ পৰা কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয় ভাৰত। এইবাৰ কোৱাৰ্টাৰ ফাইনেলত তিনিবাৰৰ স্বৰ্ণজয়ী অষ্ট্ৰেলিয়াক পৰাজিত কৰি ইতিহাস গঢ়ে ভাৰতীয় মহিলা দলটোৱে।

সোমবাৰে অনুষ্ঠিত মেচখনত আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক হৈ খেলে ভাৰতীয় দলটোৱে। খেলখনৰ বেছিভাগ সময় ভাৰতীয় খেলুৱৈসকলে নিয়ন্ত্ৰণত ৰাখে।

খেলখনৰ দ্বিতীয়াৰ্দ্ধৰ আৰম্ভণিতেই ভাৰতে অগ্ৰগতি লয়। পেনাল্টি কৰ্ণাৰৰ পৰা গল কৰে গুৰজিৎ কৌৰে।

খেলখনৰ শেষাৰ্দ্ধত অষ্ট্ৰেলিয়াই দুটাকৈ পেনাল্টি কৰ্ণাৰ পাইছিল যদিও ভাৰতীয় গোলকীপাৰ সবিতা আৰু বাকী খেলুৱৈসকলৰ দক্ষতাৰ সন্মুখত গল কৰাত ব্যৰ্থ হয় চেম্পিয়ন দলটো।