NORTHEAST NOW (Assamese)

দেশত এদিনতে কোভিডত আক্ৰান্ত ৩ লক্ষাধিক লোক

January 20, 2022 1:44 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: January 20, 2022 1:48 pm

সমগ্ৰ দেশৰে কোভিডৰ ছবি খন অতি ভয়াৱহ হৈ আছে। মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দেশত তিনি লাখৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বিগত ২৪ ঘণ্টাত ৩,১৭,৫৩২ গৰাকী লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে।

যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৪৯১ গৰাকী।

দেশত কালান্তক কোভিডে প্ৰাণ হৰি নিয়া মুঠ লোকৰ সংখ্যা হৈছেগৈ ৪,৮৭,৬৯৩ গৰাকী। আজিৰ তাৰিখত দেশত থকা সক্ৰিয় কোভিড ৰোগীৰ হৈছে ১৯,২৪,০৫১ গৰাকী।

দেশখনত আজি কোভিডৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছে ২,২৩,৯৯০ গৰাকী।

ফলত মুঠ কোভিড মুক্ত লোকৰ সংখ্যা হৈছে ৩,৫৮,০৭,০২৯ গৰাকী।

দেশত এতিয়ালৈকে ৯,২৮৭ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হৈছে।

দেশজুৰি কোভিড টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰদান কৰা সামগ্ৰিক পালিৰ সংখ্যা হৈছে ১৫৯.৬৭ কোটি অতিক্ৰম কৰিছে।

Related News