NORTHEAST NOW (Assamese)
Popular Stories

ইণ্ডিয়াজ গট লেটেণ্ট বিতৰ্কঃ ৰণবীৰ এলাহবাদিয়াক পাছপোৰ্ট ঘূৰাই দিবলৈ আৰক্ষীক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 28, 2025 2:39 pm

ইণ্ডিয়াজ গট লেটেণ্ট শ্বত কৰা মন্তব্যক লৈ কেইবামাহো ধৰি আইনী সমস্যাৰ সৃষ্টি হোৱাৰ পাছত ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়াৰ পাছপৰ্ট ঘূৰাই দিয়াৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। মহাৰাষ্ট্ৰ আৰু অসম চৰকাৰে তেওঁৰ বিৰুদ্ধে তদন্ত সম্পূৰ্ণ হোৱা বুলি নিশ্চিত কৰাৰ পাছতে ন্যায়াধীশ সূৰ্য কান্ত আৰু এন কোটিশ্বৰ সিঙৰ নেতৃত্বত আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰে। পিতৃ-মাতৃ আৰু যৌন সম্পৰ্কৰ বিষয়ে কৰা মন্তব্যৰ বাবে ‘বিয়েৰবাইচেপছ’ নামেৰে পৰিচিত এলাহবাদিয়া সমালোচনাৰ সন্মুখীন হৈছিল, যাৰ ফলত মুম্বাই, গুৱাহাটী, জয়পুৰৰ দৰে চহৰত আৰক্ষীৰ একাধিক গোচৰ ৰুজু হৈছিল।

ফেব্ৰুৱাৰী মাহত এই বিতৰ্ক আৰম্ভ হৈছিল যেতিয়া ইউটিউব শ্বটোত এলাহবাদিয়াই দিয়া মন্তব্যই ক্ষোভৰ সৃষ্টি কৰিছিল, যাৰ ফলত এফআইআৰ আৰু আদালতে তেওঁৰ পাছপোৰ্ট থানে আৰক্ষীত জমা দিয়াৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে তেওঁৰ ভাষাক “অশ্লীল বুলি সমালোচনা কৰি কিছু সময়ৰ বাবে শ্ব কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও পিছত তেওঁৰ পডকাষ্ট দ্য ৰণবীৰ শ্বপুনৰ আৰম্ভ কৰিবলৈ অনুমতি দিছিল। এলাহবাদিয়াই যুক্তি দিছিল যে তেওঁৰ পাছপোৰ্ট নথকাৰ বাবে তেওঁৰ কামত আঘাত পৰিছে, কিয়নো তেওঁ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ বাবে যাত্ৰা কৰিব নোৱাৰে, আৰু আদালতে তদন্ত শেষ হলে তেওঁৰ অনুৰোধ পুনৰীক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

এলাহবাদিয়াৰ অধিবক্তা অভিনৱ চন্দ্ৰচূড়ে আদালতত কয় যে, তেওঁৰ ক্লায়েণ্টে ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু গুৱাহাটী আৰক্ষীৰ সন্মুখত হাজিৰ হোৱাকে ধৰি তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আদালতে মহাৰাষ্ট্ৰ চাইবাৰ আৰক্ষীক পাছপোৰ্ট মুকলি কৰাৰ কাম চম্ভালিবলৈও কয় আৰু পৰৱৰ্তী শুনানিত এলাহবাদিয়াৰ বিৰুদ্ধে হোৱা সকলো এফআইআৰ একত্ৰিত কৰি এটা গোচৰত চম্ভালিব বুলিও কয়। এই সিদ্ধান্তই ইউটিউবাৰজনক কিছু সকাহ দিছে যদিও ই ছচিয়েল মিডিয়া প্লেটফৰ্মত মুক্ত বাক্য আৰু দায়িত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।