NORTHEAST NOW (Assamese)
Popular Stories

ইতিহাস! দবাত কনিষ্ঠতম খেলুৱৈ হিচাপে বিশ্ব চেম্পিয়নক প্ৰত্যাহ্বানৰ যোগ্যতা অৰ্জন ১৭ বছৰীয়া ভাৰতীয় গুকেশৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 22, 2024 7:46 am
ইতিহাস! দবাত কনিষ্ঠতম খেলুৱৈ হিচাপে বিশ্ব চেম্পিয়নক প্ৰত্যাহ্বানৰ যোগ্যতা অৰ্জন ১৭ বছৰীয়া ভাৰতীয় গুকেশৰ

বিশ্ব দবাত ইতিহাস সৃষ্টি কৰিলে এগৰাকী ভাৰতীয়ই। ১৭ বছৰীয়া গুকেশ ডোম্মাৰাজুৱে বিশ্ব চেম্পিয়নক প্ৰত্যাহ্বান জনাবলৈ যোগ্যতা অৰ্জন কৰিছে। এই কৃতিত্ব অৰ্জন কৰা তেওঁ বিশ্বৰ আটাইতকৈ কনিষ্ঠতম খেলুৱৈ।

কানাডাৰ টৰন্টোত অনুষ্ঠিত হোৱা কেণ্ডিডেটছ দবা প্ৰতিযোগিতাত জয়ী হৈ গুকেশে এই সাফল্য লাভ কৰে। ১৪ ৰাউণ্ডৰ প্ৰতিযোগিতাৰ অন্তত সোমবাৰে পুৱাই ভাৰতীয় গুকেশ চেম্পিয়ন হয়। তেওঁ এইবাৰ বিশ্ব চেম্পিয়নশ্বিপত বিশ্ব চেম্পিয়ন ডিং লিৰেনক প্ৰত্যাহ্বান জনাব।

অন্তিম ৰাউণ্ডত গুকেশে আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ হিকাৰু নাকামুৰাৰ সৈতে ক’লা গুটিৰে ড্ৰ’ কৰিছিল। ফেবিয়ানো কাৰুয়ানা আৰু ইয়ান নেপামনিয়াচিৰ মেচখন ড্ৰ’ হোৱাৰ বাবে গুকেশে খিতাপ দখল কৰিবলৈ ড্ৰ’ৰ প্ৰয়োজন হৈছিল। গুকেশ চেম্পিয়ন হোৱাৰ পিছত টৰন্টোৰ গ্ৰেট হলত সকলোৱে তেওঁক অভিনন্দন জনায়।

শনিবাৰে ভাৰতৰ তাৰকাগৰাকীয়ে ফ্ৰান্সৰ আলিৰেজা ফিৰুজাক পৰাস্ত কৰিছিল। এই সন্দৰ্ভত কিংবদন্তি দবা খেলুৱৈ বিশ্বনাথন আনন্দে কৈছিল, “এই ১৭ বছৰীয়া ল’ৰাটোৱে কি কৰিব পাৰে, সেয়া কোনেও কল্পনাও কৰিব নোৱাৰিব। চূড়ান্ত ৰাউণ্ডৰ ফলাফল যিয়েই নহওক কিয়, গুকেশে যি কৰে সেয়া ভাৰতীয় দবাৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিব।”