NORTHEAST NOW (Assamese)
অসম

ইউনিচেফৰ সৈতে ১০০ খন দেশৰ বাবে ১১০ পালি কোভিড ভেকচিন যোগানৰ চুক্তি ছেৰাম ইষ্টিটিউটৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 5, 2021 2:33 pm
ইউনিচেফৰ সৈতে ১০০ খন দেশৰ বাবে ১১০ পালি কোভিড ভেকচিন যোগানৰ চুক্তি ছেৰাম ইষ্টিটিউটৰ

ভাৰতৰ ছেৰাম ইষ্টিটিউটে বিশ্বৰ বিভিন্ন দেশক কোভিড ভেকচিন যোগান ধৰাৰ বাবে ইউনিচেফৰ সৈতে এখন চুক্তিত চুক্তিবদ্ধ হৈছে।

ছেৰাম ইষ্টিটিউটে এষ্ট্ৰাজেনেকা-অক্সফোৰ্ডৰ ‘কোভিশ্বিল্ড’ আৰু নোভাক্সৰ ১১০ কোটি পালি ভেকচিন যোগান ধৰাৰ ক্ষেত্ৰত উইনিচেফৰ সৈতে এক দীৰ্ঘকালীন চুক্তিত স্বাক্ষৰ কৰিছে।

এই চুক্তিৰ জৰিয়তে বিশ্বৰ মুঠ ১০০ খন দেশৰ বাবে ১১০ পালি কোভিড ভেকচিন প্ৰস্তুত কৰি ছেৰাম ইষ্টিটিউটে উইনিচেফৰ হাতত অৰ্পন কৰিব।

উল্লেখযোগ্য যে, কোভিডৰ ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰত সমগ্ৰ বিশ্বৰ ভিতৰত অন্যতম।

বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ ভেকচিন প্ৰস্তুত কৰিব পৰা ক্ষমতাক সমগ্ৰ বিশ্বৰ বাবে এক সম্পদ হিচাপেও ঘোষণা কৰিছিল।

ভাৰতে ইতিমধ্যে ওচৰ চুবুৰীয়া দেশ নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা আদি দেশক অনুদান হিচাপে কোভিড ভেকচিন আগবঢ়োৱাৰ লগতে আফ্ৰিকা মহাদেশলৈয়ো কোভিডৰ ভেকচিন প্ৰেৰণ কৰিছে।