অখিল গগৈৰ মুক্তিৰ দাবীত মুখ্য মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ খিলঞ্জীয়া মঞ্চ অসমৰ
নৰ্থ-ইষ্ট নাওৰ ষ্টুডিঅ'ত অনুপ চেতিয়া। ১১ ফেব্ৰুৱাৰিত।
মহামাৰী ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা দুৰ্যোগৰ সময়ত মানৱীয়তাৰ খাতিৰত কৃষক নেতা অখিল গগৈক মুকলি কৰি দিবলৈ আহ্বান জনাইছে খিলঞ্জীয়া মঞ্চ অসমৰ মুখ্য আহ্বায়ক তথা আলফা নেতা অনুপ চেতিয়াই।
মঞ্চই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰৰ জৰিয়তে এই আহ্বান জনায়।
পত্ৰখনৰ জৰিয়তে কয়, ‘সমগ্ৰ বিশ্বতে কাৰাগাৰ সমূহত বন্দী হৈ থকা বন্দীসকলক বিভিন্ন চৰকাৰ সমূহে মানৱীয়তাৰ খাতিৰত মুকলি কৰি দিছে। ৰাজ্য চৰকাৰেও এই দিশত ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে। সেই দৃষ্টিভংগীৰ জৰিয়তে কা আন্দোলনৰ নেতা অখিল গগৈকো এৰি দিয়ক’।
মঞ্চই লগতে অখিল গগৈৰ উপৰি অন্যান্য কাৰাৰুদ্ধ নেতাসকলকো মুকলি কৰি দিবলৈ চৰকাৰক অনুৰোধ জনায়।
উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী আন্দোলনত বলিষ্ঠ ভুমিকা গ্ৰহণ কৰা অখিল গগৈ যোৱা বৰ্ষৰ ১৬ ডিচেম্বৰৰ পৰা কাৰাবন্দী হৈ আছে।