NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ আশ্বাসত ডিমাহাচাওৰ অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ প্ৰত্যাহাৰ

Posted by: পংকজকুমাৰ দেব Updated by: পংকজকুমাৰ দেব March 9, 2019 5:25 pm
মুখ্য মন্ত্ৰীৰ আশ্বাসত ডিমাহাচাওৰ অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ প্ৰত্যাহাৰ

পাহাৰীয়া ডিমা হাচাও জিলাত ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰাম আৰু ইণ্ডিজেনাছ অ’মেন ফ’ৰামে আহ্বান জনোৱা অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আশ্বাস পাই বিয়লি ৩ বজাত  প্ৰত্যাহাৰ কৰে। আই এছ এফ আৰু আই ডব্লিউ এফৰ নেতৃবৃন্দৰ মাজত হোৱা এক বৈঠকৰ পিছত অৱৰোধ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। আই এছ এফৰ সভাপতি ডেভিদ কেইভমে ফোন যোগে নৰ্থ ইষ্ট নাওক এই কথা জনায়।

লগতে সভাপতি গৰাকীয়ে কয় যে অহা ১১ মাৰ্চত দিচপুৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ক্ষতিপূৰণ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত আই এছ এফ আৰু ডব্লিউ এফৰ পৰা মুঠ ১০ জন প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে লামডিং-শিলচৰৰ ব্ৰডগজ ৰেলপথ নিৰ্মাণৰ সময়ত পাহাৰীয়া ডিমা হাচাও জিলাৰ মাহুৰৰ পৰা ডিটকচড়ালৈকে পাঁচ শতাধিক গাঁৱৰ ৰাইজে নিজৰ ঘৰ-বাৰি হেৰুৱাব লগীয়া হৈছিল। ফলত ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামে ৰে’ল বিভাগক ইয়াৰ উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাই আহিছিল যদিও ৰে’ল বিভাগে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাছিল।