NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়-দিল্লী, শিলচৰ-ক’লকাতাৰ মাজত শীঘ্ৰেই ইণ্ডিগোৰ পোনপটীয়া বিমান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2019 6:08 pm
Indigo airline to start direct flights between Dibrugarh-Delhi, Silchar-Kolkata and Delhi-Agartala

ইণ্ডিগো এয়াৰলাইনছে অহা বুধবাৰৰ পৰা নতুন দিল্লী-আগৰতলা আৰু নতুন দিল্লী-ডিব্ৰুগড়ৰ মাজত পোনপটীয়া বিমান আৰম্ভ কৰিব।

এয়াৰলাইনটোৱে অহা ২০ ছেপ্তেম্বৰৰ পৰা শিলচৰ আৰু ক’লকাতাৰ মাজতো আৰম্ভ কৰিব পোনপটীয়া বিমান সেৱা।

শিলচৰত এই সেৱা আৰম্ভ হ’লেই এইটো হ’ব উত্তৰ-পূৰ্বাঞ্চলত ইণ্ডিগোৰ এনে অষ্টমটো আস্থান।

পথকেইটাৰ বাবে ইণ্ডিগো বিমান সেৱাৰ টিকেট বিক্ৰী ইতিমধ্যে আৰম্ভ হৈছে।

MakeMyTrip, Cleartrip আদি অনলাইন ট্ৰেভেল ছাইটত এই টিকেট উপলব্ধ হৈছে।

প্ৰস্তাৱিত শিলচৰ-ক’লকাতা ইণ্ডিগো বিমানে প্ৰতিদিনে পুৱা ৭.৩০ বজাত ক’লকাতা এৰিব আৰু পুৱা ৮.৪৫ বজাত শিলচৰত আহি উপস্থিত হ’ব।

একেদৰে প্ৰতিদিনে পুৱা ৯.১৫ বজাত বিমানখনে শিলচৰ এৰিব আৰু পুৱা ১০.৩০ বজাত ক’লকাতাত উপস্থিত হ’ব।

শিলচৰ আৰু ক’লকাতা পথচোৱাত বৰ্তমান এয়াৰ ইণ্ডিয়া আৰু স্পাইচ জেটৰ বিমান সেৱা চলি আছে।

যোৱা ২০ জুলাইত মেঘালয়ৰ উমৰই বিমান বন্দৰৰ পৰা ইণ্ডিগোই বিমান সেৱা আৰম্ভ কৰিছিল।

ইণ্ডিগো বিমান আৰু যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত এছিয়াৰ সৰ্ববৃ্হৎ এয়াৰলাইন।

যোৱা জুনত ভাৰতৰ ঘৰুৱা বজাৰৰ ৪৮.১ শতাংশ এয়াৰলাইনটোৰ দখলত আছিল।