NORTHEAST NOW (Assamese)
Popular Stories

হুইল চেয়াৰত থকা বৃদ্ধা যাত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বন ইণ্ডিগ’ৰ পাইলট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2020 8:59 am
Story-

হুইল চেয়াৰত থকা এগৰাকী বৃদ্ধা মহিলা আৰু তেওঁৰ ছোৱালীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ডিৰেক্টৰ জেনেৰেল অব চিভিল এভিয়েশ্যন(ডি জি চি এ) এ ইণ্ডিগ’ বিমানৰ এজন পাইলটক নিলম্বন কৰিছে।

এই ঘটনাটো জানুৱাৰি মাহত চেন্নাই-বাংগালুৰু বিমানত সংঘটিত হৈছিল।

যাত্ৰীৰ সৈতে দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপিত হোৱাত পাইলট গৰাকীৰ বিৰুদ্ধে তদন্ত চলাই ডি জি চি এই নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

‘পাইলট গৰাকীয়ে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰাৰ কথা তদন্তত পোহৰলৈ আহিছে’, এভিয়েশ্যনে প্ৰকাশ কৰা বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।

‘জয়কৃষ্ণা নামৰ পাইলট গৰাকীয়ে হুইল চেয়াৰত থকা মহিলা গৰাকী আৰু তেওঁৰ জীয়েকক তেওঁলোকৰ ব্যৱহাৰৰ বাবে CISFক গতাই দিব আৰু আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিব বুলি ভয়-ভাবুকি প্ৰদান কৰিছিল’, বিজ্ঞপ্তিটোত প্ৰকাশিত।

এনেধৰণৰ কাৰ্যৰ বাবে ইণ্ডিগ’ বিমানৰ পাইলট জয়কৃষ্ণাৰ লাইচেঞ্চখন তিনিমাহৰ বাবে বাতিল কৰা হৈছে বুলি বিজ্ঞপ্তিটোৰ জৰিয়তে জানিবলৈ দিছে।

উল্লেখ্য যে বৃদ্ধা মাতৃৰ বাবে জীয়েকে এখন হুইল চেয়াৰৰ ব্যৱস্থা কৰাৰ বাবে আবেদন জনোৱা বিষয়টোতে পাইলটগৰাকী আৰু মহিলাগৰাকীৰ মাজত কথাৰ কিছু কটা কটি হৈছিল।