NORTHEAST NOW (Assamese)
Popular Stories

‘লেতেৰা আৰু অস্বাস্থ্যকৰ’ আসন! ইণ্ডিগ’ক ১.৫ লাখ টকাৰ জৰিমনা গ্ৰাহক সুৰক্ষা আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 10, 2025 2:09 pm

দিল্লীৰ কনজিউমাৰ ফৰামে এজন যাত্ৰীক ‘লেতেৰা আৰু অস্বাস্থ্যকৰ আসন দিয়াৰ বাবে ইণ্ডিগক ১.৫ লাখ টকাৰ জৰিমনা বিহিছে। তেওঁলোকে কয় যে যাত্ৰীজনে একাধিক সমস্যা আৰু মানসিক যন্ত্ৰণাৰ মাজেৰে পাৰ হবলগীয়া হৈছিল। ইয়াৰ বাবে বিমান সংস্থাটোক জৰিমনা বিহা হৈছে।

জানিব পৰা মতে চলিত বৰ্ষৰ ২ জানুৱাৰীত বাকুৰ পৰা নতুন দিল্লীলৈ যোৱা মহিলা যাত্ৰীগৰাকীয়ে অভিযোগ কৰে যে বিমান সংস্থাটোৱে তেওঁক ‘লেতেৰা আৰু অস্বাস্থ্যকৰ আসন দিয়া বুলি অভিযোগ উত্থাপন কৰে। তেওঁ প্ৰথমে বিমানখনৰ ‘ক্ৰুক খবৰ দিলে। কিন্তু প্ৰথম অৱস্থাত মহিলাগৰাকীৰ কথাক কোনো গুৰুত্ব দিয়া হোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে। তাৰ পাছত কেইবাবাৰো অনুৰোধ কৰাৰ পাছত যাত্ৰীৰ আসন সলনি কৰা হল। আনকি যাত্ৰীগৰাকীয়ে অসুস্থ হোৱা বুলিও অভিযোগ কৰে। সূত্ৰ অনুসৰি, পিছত মহিলাগৰাকীয়ে ইণ্ডিগলৈ আইনী জাননী প্ৰেৰণ কৰে। কিন্তু তাতো বিশেষ একো নহল। ইয়াৰ পাছত মহিলাগৰাকীয়ে দিল্লী কনজিউমাৰ ফৰামৰ কাষ চাপিছিল।

গ্ৰাহক সুৰক্ষা আদালতে কয় যে, ‘মহিলাগৰাকীয়ে যি অস্বস্তি আৰু মানসিক যন্ত্ৰণাৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে তাৰ ক্ষতিপূৰণ দিব লাগে। সেয়েহে ইণ্ডিগ’ক ডেৰ লাখ টকা জৰিমনা ভৰিবলৈ নিৰ্দেশ দিয়া হৈছে।’ তদুপৰি মঞ্চই বিমান সংস্থাটোক এই গোচৰৰ খৰচৰ দিশত আৰু ২৫ হাজাৰ টকা দিবলৈ নিৰ্দেশ দিছে।