NORTHEAST NOW (Assamese)
Popular Stories

অদ্ভূত ঘটনা! : যৌন সম্ভোগ নকৰাকৈ বতাহতে গৰ্ভৱতী হৈ সন্তান জন্ম দিয়াৰ দাবী এগৰাকী যুৱতীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2021 9:00 pm
Indonesia

যৌন সম্ভোগ নকৰাকৈ বতাহতে গৰ্ভৱতী হৈ সন্তান জন্ম দিয়া বুলি এক আজৱ দাবী কৰিছে এগৰাকী যুৱতীয়ে।

যুৱতীগৰাকী হৈছে ইণ্ডোনেছিয়াৰ। দক্ষিণ ইণ্ডোনেছিয়াৰ পশ্চিম জাভা প্ৰদেশৰ জাইনা নামৰ যুৱতীগৰাকীয়ে এটি সন্তানৰ জন্ম দিয়াৰ পিছতে দাবী কৰিছে যে তেওঁ যৌন সম্ভোগ নকৰাকৈ বতাহৰ দ্বাৰাই গৰ্ভৱতী হৈ সন্তান জন্ম দিছে।

প্ৰসূতী জাইনা আৰু তেওঁৰ নৱজাতকটি এতিয়া সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে। নৱজাতকটিৰ ওজন ২.৯ কিলোগ্ৰাম।

স্থানীয় সংবাদ মাধ্যমত প্ৰসূতীগৰাকীয়ে এই দাবী কৰাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছে।

জাইনাই দাবী কৰা ঘটনাৰ বিৱৰণীৰ মতে, “সন্ধিয়া সময়ত তেওঁ ৰুমলৈ এছাটি বতাহ সোমাই আহে। সেই বতাহছাটি তেওঁৰ যৌনাংগয়েদি দেহৰ ভিতৰত প্ৰৱেশ কৰে আৰু তেতিয়াৰ পৰাই তেওঁ পেটত বিষ অনুভৱ কৰে।” ইয়াৰ পোন্ধৰ মিনিটৰ পিছতে স্থানীয় চিকিৎসালয়ত সন্তান প্ৰসৱ কৰা বুলিও দাবী কৰিছে জাইনাই।

ঘটনাটো বিয়পি পৰাৰ লগে লগে স্থানীয় আৰক্ষীয়ে গৈ জাইনাক সাক্ষাৎ কৰি ঘটনাৰ বুজ লয় তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

“মহিলাগৰাকীয়ে অস্বাভাৱিক উপায়েৰে অন্তঃসত্বা হোৱাৰ খবৰ লাভ কৰি আমি বিষয়টো স্বজমিন কৰিবলৈ আহিছো, ই যাতে গুজৱ হৈ বিয়পি নপৰে।” আৰক্ষীয়ে এইদৰে কয়।

মহিলাগৰাকীৰ এই দাবীয়ে চাঞ্চল্যৰ সৃষ্টি কৰাৰ আশ্বৰ্চকিত কৰি তুলিছে অঞ্চলটোৰ বাসিন্দাসকলক।

মহিলাগৰাকীয়ে এই দাবী কৰিলেও প্ৰকৃতে এয়া ক্ৰিপটিক প্ৰেগনেঞ্চি(Cryptic Pregnancy) বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে ক্ৰিপটিক প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত গৰ্ভৱতী মহিলাগৰাকীয়ে গৰ্ভধাৰণ কৰা সম্পৰ্কে অজ্ঞাত হৈ ৰয়।

আনহাতে কিছুমাহৰ পৰা স্বামীৰ পৰা পৃথকে থকা মহিলাগৰাকী ইয়াৰ পূৰ্বে এটি সন্তানৰ মাতৃ আছিল।