NORTHEAST NOW (Assamese)
অসম

মহাপ্ৰলয়ৰ আগজাননী! আগ্নেয়গিৰিৰ উদগীৰণত কঁপি উঠিছে ইণ্ডোনেছিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 30, 2020 1:46 pm
a 1233333333

আগ্নেয়গিৰিৰ দেশ হিচাবে পৰিচিত ইণ্ডোনেছিয়াত পুনৰআৰম্ভ হৈছে আগ্নেয়গিৰিৰ উদগীৰণ।

যোৱা নিশাৰে পৰা দেশ খনৰ পূব অংশত অৱস্থিত নুছা প্ৰদেশৰ লেমবাটা দ্বীপত থকা মাউণ্ট এলি লেওতোলক নামৰ আগ্নেয়গিৰিটো ভয়ংকৰ ৰূপত উদগীৰণ হবলৈ ধৰিছে।

আগ্নেয়গিৰি উদগীৰণৰ ফলত ধোঁৱা আৰু ছাইয়ে আবৰি ধৰি দ্বীপটোৰ আকাশ ।

ফলত দিনতে গভীৰ নিশাৰ পৰিবেশে বিৰাজ কৰিছে দ্বীপটোত।

আগ্নেয়গিৰি উদগীৰণৰ সমান্তৰাল ভাবে সৃষ্টি হোৱা ভূমিকম্পৰ ফলত দ্বীপটোৰ বহু বাসভৱনৰ বিস্তৰ ক্ষতিসাধন হৈছে।

স্থানীয় প্ৰশাসনে আগ্নেয়গিৰিটোৰ কাষত বাস কৰা প্ৰায় তিনি হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে।

ক’লা ধোঁৱা আৰু ছাইয়ে আকাশ চানি ধৰাৰ বাবে দ্বীপটোৰ কাষতে থকা বিমানবন্দৰটো বন্ধ কৰি দিয়া হৈছে।

উল্লেখ্য ইণ্ডোনেছিয়াত থকা ১২০ টা আগ্নেয়গিৰিৰ ভিতৰত ১৭ হাজাৰ ৭৯০ ফুট উচ্চতাৰ মাউণ্ট এলি লেওতোলক আগ্নেয়গিৰিটো ২০১৭ চনৰে পৰা সক্ৰিয় হৈ পৰিছিল।

দেশ খনত থকা চিনাবাং আৰু মেৰাপি আগ্নেয়গিৰিৰ উদগীৰণৰ পলত ইতিমধ্যে দেশ খনৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি লাভাত পোত গৈছে।

চৰকাৰে শেহতীয়াকৈ উদগীৰণ হোৱা মাউণ্ট এলি লেওতোলক আগ্নেয়গিৰিয়ে কৰিব পৰা ক্ষয়-ক্ষতি সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰাখিছে।