NORTHEAST NOW (Assamese)
অসম

মাৰ্কশ্বীট দিয়াত বিলম্ব! মৃত্যুক সাৱটিলে ছাত্ৰই পেট্ৰ’ল ঢালি জ্বলাই দিয়া ইন্দোৰৰ মহিলা অধ্যক্ষই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 25, 2023 1:38 pm

পৰীক্ষাৰ মাৰ্কশ্বীট হাতত পোৱাত পলম হৈছিল। সেয়েহে ২৪ বছৰীয়া আশুতোষ শ্ৰীবাস্তৱে তেওঁৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ গাত পেট্ৰ’ল ঢালি জুই লগাই দিছিল। ঘটনাটো সোমবাৰে ইন্দোৰৰ চিমৰোল অঞ্চলৰ ওচৰত সংঘটিত হৈছিল। অধ্যক্ষ বিমুক্তা শৰ্মাক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু শৰীৰৰ ৯০ শতাংশ জ্বলি যোৱাৰ বাবে বিমুক্তাই অৱশেষত মৃত্যুৰ সৈতে যুঁজত হাৰ মানিলে। শনিবাৰে পুৱা প্ৰায় ৪ বজাত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিমুক্তাই সোমবাৰে মহাবিদ্যালয় এৰি ঘৰলৈ যাবলৈ তেওঁৰ গাড়ীৰ ফালে গৈ আছিল। সেই মুহূৰ্তত, আশুতোষে অধ্যক্ষৰ গাতপেট্ৰ’ল ঢালি জ্বলাই দিছিল।

আশুতোষ বিএম ফাৰ্মাচী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল। তেওঁ নিজেই দাবী কৰিছিল যে মাৰ্কশ্বীট দিয়াত পলম হোৱাৰ বাবে তেওঁ খঙত অধ্যক্ষক জ্বলাই হত্যা কৰিব বিচাৰিছিল। মহাবিদ্যালয়ৰ আন সহকৰ্মীসকলে ঘটনাটো লক্ষ্য কৰি তেওঁলোকে লগে লগে বিমুক্তাক ওচৰৰ এখন চিকিৎসালয়লৈ লৈ গৈছিল।

বিমুক্তাক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ অৱস্থা সংকটজনক আছিল।

ঘটনাটো মধ্য প্ৰদেশৰ ইন্দোৰৰ চিমৰোল আৰক্ষী থানা এলেকাত সংঘটিত হৈছিল। অভিযুক্ত ছাত্ৰজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে কিছুদিনৰ পৰাই অধ্যক্ষ আৰু ছাত্ৰজনৰ মাজত বিবাদ চলি আছিল। সোমবাৰে দুয়োৰে মাজত বাক-বিতণ্ডা হৈছিল। কলেজ শেষ কৰাৰ পিছত তেওঁ গাড়ীত বহি ঘৰলৈ গৈ আছিল। অভিযুক্তই তেতিয়া তেওঁক আক্ৰমণ কৰে আৰু বটলৰ পৰা পেট্ৰ’ল ছটিয়াই দি তেওঁৰ গাত জুই লগাই দিছিল

গাড়ী আৰু পেট্ৰ’লৰ বাবে দ্ৰুতগতিত জুই লাগিছিল। উপস্থিত লোকসকলে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও তেতিয়ালৈকে বহু পলম হৈ গৈছিল। অধ্যক্ষৰ শৰীৰৰ ৯০ শতাংশতকৈও অধিক জ্বলি গৈছিল। আন শিক্ষাৰ্থীৰ সহায়ত অভিযুক্তক কৰায়ত্ত কৰি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হৈছিল

অভিযুক্তজনে দাবী কৰিছিল যে তেওঁ মহাবিদ্যালয়ত বি.ফাৰ্মা অধ্যয়ন কৰিছিল আৰু যোৱা বছৰ জুলাইত তেওঁৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও তেওঁৰ মাৰ্কশ্বীট দিয়া হোৱা নাছিল।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে শ্ৰীবাস্তৱে একেটা বিবাদৰ বাবে চাৰি মাহ পূৰ্বে মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকক চুৰিৰে আক্ৰমণ কৰিছিল যাৰ ফলত অধ্যাপৰগৰাকী সামান্য আঘাতপ্ৰাপ্ত হৈছিল।

আৰক্ষীয়ে জনাইছে যে শ্ৰীবাস্তৱ চুবুৰীয়া উজ্জয়িনী জিলাৰ বাসিন্দা। ঘটনাটোত শ্ৰীবাস্তৱৰ হাতো জ্বলিছিল