NORTHEAST NOW (Assamese)
অসম

ভুৱা বাতৰিকলৈ ক্ষুব্ধ ৰতন টাটা; কোনটো বাতৰিক লৈ অসন্তুষ্ট প্ৰসিদ্ধ উদ্যোগপতিগৰাকী?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2020 8:45 am
Ratan-tata-570x320

দেশৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাই এটা ভুৱা বাতৰিকলৈ ক্ষোভ প্ৰকাশ কৰিছে। এই ভুৱা বাতৰিটোত ৰতন টাটাৰ নামত এটা বিবৃতি প্ৰকাশ পাইছিল।

ৰতন টাটাৰ উদ্ধৃতি দি ‘ভেৰি ম’টিভেশ্যনেল এট দিছ আৱাৰ’ শীৰ্ষক বিবৃতিটোত অৰ্থনীতিৰ ওপৰত কৰ’না ভাইৰাছৰ প্ৰভাৱ সম্পৰ্কে কোৱা হৈছিল।

সম্প্ৰতি ৰতন টাটাই ছচিয়েল মিডিয়াত এই বাতৰি শ্বেয়াৰ কৰি ইয়াৰ প্ৰকৃত সত্য সদৰী কৰিছে।

ৰতন টাটাই তেওঁৰ আনুষ্ঠানিক টুইটাৰ পেইজত লিখিছে,’এই কথা মই কোৱাও নাই আৰু মই লিখাও নাই। মই আপোনালোক সকলকে আহ্বান জনাইছো যে হোৱাটছএপ আৰু আন মিডিয়া প্লেটফৰ্মত প্ৰচাৰিত হোৱা এই প’ষ্টটোৰ সত্যতাৰ সন্ধান কৰক।‘

ৰতন টাটাই লগতে কয় যে ‘মোৰ কিবা ক’বলগীয়া থাকিলেতো মই নিজৰ আনুষ্ঠানিক চেনেলৰ জৰিয়তে কওঁ। আশা কৰো যে আপোনালোক সুৰক্ষিত আছে আৰু নিজৰ যতন ৰাখিছে।‘

ৰতন টাটাৰ নামত প্ৰকাশিত ভুৱা বাতৰিটোত লিখা হৈছিল: ‘’বিশেষজ্ঞসকলে কৈছে যে কৰ’নাৰ বাবে অৰ্থনীতি ভাঙি-ছিঙি যাব। মই এই বিশেষজ্ঞসকলৰ বিষয়ে নাজানো কিন্তু এইটো নিশ্চয় ক’ব বিচাৰো যে এই বিশেষজ্ঞসকলৰ মানৱীয় প্ৰেৰণা আৰু আবেগৰ সৈতে চলোৱা প্ৰয়াসৰ বিষয়ে অধিক তথ্য নাই।‘’

তদুপৰি,এই ভুৱা প’ষ্টটোত এনে কিছুমান দৃষ্টান্ত দাঙি ধৰা হৈছে যিয়ে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। ৰতন টাটাৰ নামত প্ৰকাশ কৰা ভুৱা বাতৰিটোত লগতে কোৱা হৈছে,’’যদি বিশেষজ্ঞৰ ওপৰত বিশ্বাস কৰা হয় তেতিয়াহ’লে দ্বিতীয় বিশ্বযুদ্ধত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰা জাপানৰ কোনো ভৱিষ্যত নাথাকিলেহেঁতেন। কিন্তু মাত্ৰ তিনি দশকত জাপানে আমেৰিকাক পানী খুৱাই দিছে।‘’

লগতে কোৱা হৈছিল,’’সেইদৰে আৰৱ দেশসমূহে ইজৰাইলৰ নাম বিশ্বৰ মানচিত্ৰৰ পৰা মচি দিয়াহেঁতেন আজি পৰিস্থিতি বেলেগ হ’লহেঁতেন। সেইদৰে ১৯৮৩ত ভাৰতে বিশ্বকাপ নিজিকিলেহেঁতেন। এথলেটিকছত ৪টা স্বৰ্ণপদক অৰ্জন কৰা ৱিল্মা ৰুড’ল্ফৰ দৌৰাটো দূৰৰে কথা, চলি ফুৰাটোৱ কঠিন হ’লহেঁতেন।‘’

উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত টাটা ট্ৰাষ্টেও সহায়ৰ হাত আগবঢ়াইছে। টাটা ট্ৰাষ্টে ইয়াৰ বাবে ৫০০কোটি টকাৰ বৰঙণি আগবঢ়াইছে।