NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ গড়ভিতৰ গাঁওৰ ৰাইজে দিলে ভোট বৰ্জনৰ হুংকাৰ, কিয় দিলে এই হুংকাৰ?

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক February 27, 2021 12:41 pm
bhaba

সমাগত নিৰ্বাচনত ভোট বৰ্জন কৰিব এখন গাঁওৰ ৰাইজে ৷

বিগত তিনি বছৰে বানে বিধ্বস্ত কৰা বাট- পথ মেৰামতি নকৰাত ক্ষোভিত গাঁওৰ ৰাইজ ৷

বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই গাঁওখন হৈছে গড়ভিতৰ ৷

বিগত তিনি বছৰে পাগলাদিয়া নদীৰ বানে গাঁওখনৰ বাট- পথ বিধ্বস্ত কৰাত যাতায়তৰ নামত যমৰ যাতনা ভোগ কৰি আহিছে গাঁওখনৰ ৰাইজে ৷

পাগলাদিয়াৰ বানে গাঁওখনৰ মাজত থকা পকী দলং খনৰ এটা মূৰ খহাই দিয়াত ৰাইজে বাঁহৰ দলং সাজি যাতায়াত কৰি আহিছে ৷

আনহাতে গড়ভিতৰৰ পৰা ধমধমা সংযোগী পথটোও খহাই পেলোৱাত যাতায়তৰ নামত দূৰ্বিসহ যাতনা ভোগ কৰি আহিছে ৷

বিশেষকৈ পথটোৰে চাৰিচকীয়া বাহন আহিব নোৱাৰাত আৰু অধিক সমস্যাৰ সম্মুখীন হৈছে গাঁওখনৰ ৰাইজ ৷

গাঁওখনৰ ৰাইজে স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ম, বিটিচিৰ তদানীন্তন এম চি এল এ ক এই বিষয়ে বাৰম্বাৰ অৱগত কৰিও কোনো সহাঁৰি লাভ কৰিবলৈ সক্ষম নহ’ল ৷

আনকি বৰ্তমানৰ বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক অৱগত কৰিও সুফল পোৱা নাই বুলি কলে স্থানীয় লোকে ৷

যাৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ ৰাইজে এইবাৰ ভোট বৰ্জনেৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিছে ৷