NORTHEAST NOW (Assamese)
Popular Stories

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 27, 2026 9:34 pm

বিশ্বকাপত একেৰাহে তিনিখন খেলত ড্ৰ কৰিছে ইৰানে। পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰাক লৈ অনিশ্চয়তাত ভুগিছে দলটো। ইয়াৰ মাজতে ফিফা আৰু সংস্থাটোৰ সভাপতি জিয়ানি ইনফান্টিনোৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ইৰানৰ অধিনায়ক মেহদী তাৰেমী আৰু প্ৰশিক্ষক আমিৰ ঘালেনোৱেই। তেওঁলোকৰ অভিযোগ যে ফিফাৰ অব্যৱস্থাপনাৰ বাবেই বিশ্বকাপত ইৰানে চৰম হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে।

শুকুৰবাৰে নিশা গ্ৰুপ পৰ্যায়ৰ শেষৰখন খেলত ইজিপ্টৰ সৈতে ১-১ গ’লত ড্ৰ কৰে ইৰানে। তিনিখন খেলৰ পৰা তিনি পইণ্ট লাভ কৰা ইৰানৰ পৰৱৰ্তী পৰ্যায়লৈ যোৱাটো এতিয়া আন খেলৰ ফলাফলৰ ওপৰত নিৰ্ভৰশীল। খেলৰ শেষত চিয়াটলৰ ড্ৰেছিং ৰুমত ইৰান দলে এক দীঘলীয়া বাৰ্তা লিখি থৈ যায়। তাত লিখা আছিল, আমি ইৰানৰ পৰা আহিছোঁ, এখন দেশ যিয়ে হাজাৰ বছৰ ধৰি জয়তকৈ সন্মানক বেছি গুৰুত্ব দি আহিছে। আমাৰ বাবে ফুটবল কেৱল এক প্ৰতিযোগিতা নহয়, চৰিত্ৰৰ দৃঢ়তাৰ পৰীক্ষাহে। পইণ্ট বিভিন্ন ধৰণে জিকিব পাৰি, কিন্তু সন্মান অৰ্জন কৰিব নোৱাৰি। এটা দলে গ্ৰুপ পৰ্যায় পাৰ হ’ব পাৰে, কিন্তু স্বচ্ছতা আৰু সন্মান থাকিলেহে ইতিহাসৰ আগত মূৰ দাঙি থিয় হ’ব পাৰি। ফেয়াৰ প্লে কেৱল এটা শব্দ নহয়, এয়াই ফুটবলৰ আত্মা। ধন্যবাদ চিয়াটল, তোমালোকৰ আতিথ্যত আমি মুগ্ধ। সকলো ইৰানীয় সমৰ্থককো ধন্যবাদ, যিসকলে আমাৰ কাষত থিয় দি দেশৰ বাবে নিজৰ সকলো উজাৰি দিছে।

বিশ্বকাপত এইটো দ্বিতীয়বাৰৰ বাবে ইৰানে ড্ৰেছিং ৰুমত এনেদৰে বাৰ্তা এৰি গৈছে। ইয়াৰ পূৰ্বে লছ এঞ্জেলছত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলাৰ পিছতো দলটোৱে বাৰ্তা লিখি থৈ গৈছিল। খেলৰ অন্তত অধিনায়ক মেহদী তাৰেমীয়ে কয় যে এইখন বৰ হতাশাজনক বিশ্বকাপ। ফিফাই সকলো সমস্যা সমাধান কৰে বুলি কোৱা হয়, কিন্তু আৰম্ভণিৰ পৰাই আমাৰ সমস্যাসমূহৰ কোনো সমাধান কৰা নহ’ল। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলৰ পিছত ইনফান্টিনোৱে ড্ৰেছিং ৰুমলৈ আহি কৈছিল যে এয়া মাত্ৰ আৰম্ভণিহে। অথচ এতিয়া গ্ৰুপ পৰ্যায় শেষ হৈ গ’ল, তথাপিও একো সলনি নহ’ল।

ইৰানৰ মূল অভিযোগটো হ’ল যে তেওঁলোকৰ বহুতো চাপোৰ্ট ষ্টাফে আমেৰিকাত ভিছা নোপোৱাৰ বাবে দলৰ সৈতে থাকিব পৰা নাই। ফলত খেলুৱৈসকলে প্ৰতিকূল পৰিস্থিতিত খেলিবলগীয়া হৈছে। তাৰেমীয়ে কয় যে আমাৰ যাতায়াত আৰু দৈনন্দিন ব্যৱস্থাপনাৰ দায়িত্বত থকা লোকসকল ইয়াত নাই। তেওঁলোকক ভিছা দিয়া হোৱা নাই। প্ৰতিদিনে টিজুয়ানাৰ পৰা অহা-যোৱা কৰাটো সম্ভৱ নহয়। আমি টিজুয়ানাৰ মানুহক ভাল পাওঁ, মেক্সিকোকো ভাল পাওঁ। কিন্তু এখন পেছাদাৰী প্ৰতিযোগিতাত এজন পেছাদাৰী খেলুৱৈ হিচাপে মই ক’ব বিচাৰো যে এনেদৰে আয়োজন কৰাটো একেবাৰেই ঠিক হোৱা নাই।

তেওঁ লগতে কয় যে যদি তেওঁলোকে আমাক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰি দিব বিচাৰে, তেন্তে দিয়ক, কিন্তু এনেদৰে নহয়। ৰিকভাৰী আৰু যাতায়াতৰ সৈতে জড়িত মানুহখিনি আমাৰ লগত নাই। বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো কোনো লাভ হোৱা নাই। প্ৰশিক্ষক আমিৰ ঘালেনোৱেইৰ কণ্ঠতো একেই ক্ষোভৰ সুৰ শুনা গৈছে। তেওঁ কয় যে আয়োজক দেশে আমাৰ লগত বৰ বেয়া ব্যৱহাৰ কৰিছে। যদি আমাক দুসপ্তাহ আগতে অহাৰ অনুমতি দিয়া হ’লহেঁতেন, তেন্তে আমি শাৰীৰিক আৰু মানসিকভাৱে বহু উন্নত অৱস্থাত থাকিব পাৰিলোঁহেঁতেন। আমাৰ সৈতে অন্যায় কৰা হৈছে। আমি ফিফাক অনুৰোধ জনাইছোঁ যাতে ভৱিষ্যতে আন কোনো দলৰ সৈতে এনে আচৰণ কৰা নহয়।