NORTHEAST NOW (Assamese)
Popular Stories

বোকাখাতত যুৱকৰ দ্বাৰা কোৱাৰেণ্টাইন কেন্দ্ৰৰ বিস্তৰ ক্ষতি; মহকুমাধিপতিয়ে দাখিল কৰিলে এজাহাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 11, 2020 9:18 pm

বোকাখাতৰ এটা কোৱাৰেণ্টাইন কেন্দ্ৰত বহিঃ ৰাজ্যৰ পৰা আহি ভৰ্তি হৈ থকা এদল যুৱকে কেন্দ্ৰটোৰ বিস্তৰ ক্ষতি সাধন কৰে। যাৰ বাবে বোকাখাতৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্তই আজি বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

এজাহাৰত উল্লেখ কৰা মতে চেন্নাইৰ পৰা অহা এটি ১৯জনীয়া দলক বোকাখাত নগৰত থকা ঔদ্যোগিক বাণিজ্যিক কার্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত যোৱা ২৭ মে’ৰ পৰা কোৱাৰেন্টাইনত ৰখা হৈছিল।

কোৱাৰেণ্টাইনত থকাৰ সময়ত দলটোয়ে ঔদ্যোগিক ও বানিজ্যিক কাৰ্যালয়টিৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে মদ্যপান আৰু পান মচলা আদি সেৱন কৰি য’তে ত’তে পিক-ধুই-খেকাৰ পেলায়।

ইয়াৰ উপৰি তেওঁলোকে কার্য্যালয়ৰ বিভিন্ন আচবাব-পত্রও ধবংস কৰা পৰিলক্ষিত হোৱা বুলিও এজাহাৰত উল্লেখ কৰা হয়।

এজাহাৰখনত মহকুমাটোৰ ১নং অফলা, বৰটিকা, ওপৰ টেমেৰা, গোলোং টেমেৰা, ওপৰ টেমেৰা, ধোৱাআটি, বালিজান মিচিং গাঁও, বংকোৱাল, ধনশিৰি টেমেৰাৰ মুঠ ১৯ জন যুৱকৰ নাম উল্লেখ কৰি মহকুমাধিপতিয়ে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল’বলৈ আৰক্ষীক আহ্বান জনায়।