NORTHEAST NOW (Assamese)

কেবৰ বিৰোধিতাৰে ৰে’লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ সিদ্ধান্ত আই এন পি টিৰ

November 21, 2019 12:53 pm · তন্ময় চক্ৰৱৰ্তি
ফাইল ফটো

ইণ্ডিজেনাছ নেশ্যনেলিষ্ট পাৰ্টি অব ত্ৰিপুৰা চমুকৈ আই এন পি টিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰে’লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছে।

অহা ৫ ডিচেম্বৰত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত এই অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি আই এন পি টিৰ সাধাৰণ সম্পাদক জগদীশ দেববাৰ্মাই জানিবলৈ দিয়ে।

ৰাজ্যখনৰ এটা উল্লেখনীয় আঞ্চলিক তথা জনজাতীয় দল আই এন পি টিয়ে বিধেয়কখনৰ বিৰুদ্ধে যোৱা বছৰৰ পৰা ধাৰাবাহিকভাৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

তেওঁ কয়, ‘ত্ৰিপুৰা তথা উত্তৰ-পূবৰ বাকী ৰাজ্য কেইখনৰ বাবে অবৈধ অনুপ্ৰৱেশকাৰী চিন্তাৰ বিষয়। বিভাজনৰ পিছৰে পৰা লাখ লাখ বাংলাদেশী নাগৰিকৰ প্ৰৱেশ ঘটিছে ত্ৰিপুৰাত। এতিয়াও সেই ধাৰা অব্যাহত আছে’।

তেওঁ লগতে অতি দুখেৰে কয় যে এটা সময়ত যিসকল খিলঞ্জীয়া লোক সংখ্যাগুৰু আছিল সেই লোকসকল আজি নিজ জন্মভূমিতে সংখ্যালঘুত পৰিণত হ’ব লগীয়া হৈছে।

দেববাৰ্মাৰ মতে, চলিত শীতকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব লগীয়া নাগৰিকত্ব বিধেয়কখনে পুনৰ এবাৰ ৰাজ্যখনলৈ অশনি সংকেত কঢ়িয়াই আনিব।

বিজেপিয়ে নিৱনুৱাসকলক চাকৰি দিম বুলি কৰা প্ৰতিশ্ৰুতিৰ বিপৰীতে কেব গৃহীত কৰিবলৈহে তৎপৰ হৈ থকা বিষয়টোক ক্ষুৰধাৰ সমালোচনা কৰে দেববাৰ্মাই।

Related News