NORTHEAST NOW (Assamese)
অসম

চাকৰিৰ পৰা নিলম্বিত হ’ল উৎকোচ লৈ ধৰা পৰা বিদ্যালয়সমূহৰ পৰিদৰ্শক জোৎস্নাৰাণী বৰ্মন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2020 6:54 am
a-nalbari-750x375

চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে নলবাৰীৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জোৎস্নাৰাণী বৰ্মনক। মাধ্যমিক শিক্ষা বিভাগে ইতিমধ্যে নিলম্বনৰ নিৰ্দেশনা জাৰি কৰিছে।

যোৱা ১০ ডিচেম্বৰত নিজ কাৰ্যালয়তে উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পৰিছিল শিক্ষা বিষয়া বৰ্মন।

নলবাৰী জিলাৰ বৰভাগৰ এখন বিদ্যালয়ৰ খেল পথাৰৰ গ্ৰীণ গেলেৰী, পেভেলিয়ন নিৰ্মাণৰ ঠিকাৰ বিনিময়ত  অহা ধনৰ কমিছন হিচাপে জোৎস্নাৰাণী বৰ্মনে ঠিকাদাৰৰ পৰা ৫০হাজাৰ টকা দাবী কৰিছিল৷

শিক্ষা বিষয়াগৰাকীয়ে ,নিজৰ কাৰ্যালয়তে আগধন হিচাপে ১৫হাজাৰ টকা লোৱাৰ সময়তে দুৰ্নীতি নিবাৰণ আৰু নিৰীক্ষণ শাখাই জোৎস্নাৰাণী বৰ্মনক হাতে-লোটে ধৰা পেলাইছিল।

স্থানীয় একাংশ লোকে অভিযোগ কৰি আহিছিল যে নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মণে টকা নিদিলে কথাই পাতিব নিবিচাৰে।

দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীৰ গ্ৰেপ্তাৰত সেয়ে বহুতে সন্তুষ্টি ব্যক্ত কৰা দেখ গৈছিল।

আনকি একাংশ দুৰ্নীতিৰ বোকাত পোত যোৱা বিষয়া-কৰ্মচাৰীয়ে নলবাৰীৰ শিক্ষা বিভাগটোক খিৰতী গাই হিচাবে ব্যৱহাৰ কৰি অহা বুলি সচেতন মহলে অভিযোগ কৰি আহিছিল।

অভিযোগ অনুসৰি বিষয়াগৰাকীয়ে প্ৰধান শিক্ষকসকলৰ লগতে আন শিক্ষকসকলকো দীৰ্ঘদিন ধৰি শোষণ চলাই আহিছিল।

তদাৰকী আৰু দুৰ্নীতি নিবাৰক বিভাগে এই বিষয়ত অধিক তদন্ত চলালে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছি বুলিও বহুতেই সদৰী কৰিছে।