NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ গেন্ধালিত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীক চিকিৎসা নকৰি হাবিলৈ খেদি পথালে বন বিভাগে

Posted by: বিদ্যুত জ্যোতি বৰা October 6, 2018 9:02 pm
Injured jumbo

নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ আৰু উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত গেন্ধালি ভকত গাঁৱত আজি এটি আঘাতপ্ৰাপ্ত বনৰীয়া হাতীক চিকিৎসা কৰাৰ পৰিৱৰ্তে বন বিভাগে হাবিলৈ খেদি পঠোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে গেন্ধালি ভকত গাঁৱৰ ঘন গগৈৰ হাবিত আজি স্থানীয় লোকে এটা বনৰীয়া হাতীৰ কাতৰ চিঞৰ শুনিবলৈ পায়। কিছু সময়ৰ পিছতে উক্ত স্থানত সাংবাদিকৰ এটা দল উপস্থিত হৈ স্থানীয় লোকৰ সৈতে হাতীটোক বিচাৰি যোৱাত লেঙেৰাই থকা আঘাত প্ৰাপ্ত হাতীটোক দেখা পায়। স্থানীয় লোকে সন্দেহ কৰা মতে হাতীটোক কোনো লোকে ভৰিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত শালনাৰ বন কৰ্মীৰ দল উপস্থিত হৈ উক্ত লেঙেৰা হাতীটোৰ সৈতে হাবিখনত থকা নজনীয়া হাতীৰ দলটোক হাবিখনৰ পৰা কঠালগুৰি পাহাৰৰ ফালে খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও জাকটো দুভাগত ভাগ হৈ কঠালগুৰি আৰু পদুমনিফালে গুচি যায়।

আনহাতে স্থানীয় লোকে বন বিভাগে আঘাতপ্ৰাপ্ত হাতীটোক চিকিৎসা নকৰি খেদি পঠিওয়াৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে শালনা বন বিভাগে হাতীৰ জাকটোত কোনো আঘাতপ্ৰাপ্ত হাতী দেখা পোৱা নাই বুলি জানিবলৈ দিয়ে।